শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১ জুনঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বানিজ্য শাখাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলৰ সুবিধাৰ্থে নাজিৰা মহকুমা প্ৰশাসনে স্থানীয় গড়গাওঁ‌ মহাবিদ্যালয়ত অহা ইংৰাজী ১০ জুন তাৰিখে দিনৰ ৯-৩০ বজাৰ পৰা অনুস্থিত কৰিব কেৰিয়াৰ আৰু জীৱন শৈলী সম্পৰ্কীয় এক বিশেষ কৰ্মশালা। কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেৰিয়াৰ সন্দৰ্ভত বিস্তিত আলোচনা কৰাৰ উপৰি তেওঁলোকৰ ভৱিষ্যত কৰ্মজীৱনত সহায়ক হ’ৱ পৰাকৈ ব্যক্তিত্ব বিকাশ আৰু জীৱন শৈলীৰ উপৰত অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে পৰামৰ্শ আৰু প্ৰশিক্ষন প্ৰদান কৰিব। অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ প্ৰত্যক্ষ উদ্যোগত অনুস্থিত হ’বলগীয়া এই কৰ্মশালাত অংশগ্ৰহন কৰিব ইণ্ডিয়ান স্কীল একাডেমীৰ পৰিচালন সঞ্চালক অঞ্জন চৌধুৰী, গড়গাওঁ‌ মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ড° ৰিমঝীম বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ছাত্ৰ- ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলৰ মাজত নিজৰ সন্তানক কি বিষয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাব বা কোন শাখাত অধ্যয়ন কৰিলে ভৱিষ্যতে অধিক লাভৱান হ’ৱ ইয়াক লৈ চিন্তিত হোৱা দেখা যায়। এই সম্পৰ্কত মত ব্যক্ত কৰি কেৰিয়াৰ কৰ্মশালাৰ উদ্যোগতা তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাই কয় যে কলা, বিজ্ঞান আৰু বানিজ্য শাখাত নামভৰ্তি কৰাৰ উপৰিউ আমাৰ ছাত্ৰ- ছাত্ৰীসকলৰ বাবে বিভিন্ন বৃত্তিমূলক পাঠ্যক্ৰম পঢ়াৰ দুৱাৰ মুকলি আছে। নিয়োগৰ মহঙা বজাৰখনত ভৱিষ্যতে উপযুক্ত স্থান লাভ কৰিবলৈ হ’লে আমাৰ শিক্ষাৰ্থী সকলে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। নাজিৰা মহকুমা প্ৰশাসনে সম্পূৰ্ণ বিনামূলীয়াকৈ আয়োজন কৰা এই কেৰিয়াৰ কৰ্মশালা আৰু ব্যক্তিত্ব বিকাশ আৰু জীৱন শৈলীৰ প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে এই সন্দৰ্ভত জনসংযোগ বিষয়া জয়ন্ত মাউত, নাজিৰা মহাবিদ্যালয়ৰ ড° ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা , নামটিস্থিত শ্বহীদ পিয়লী ফুকন মহাবিদ্যালয়ৰ ড° বিমান চন্দ্ৰ বৰা, গড়গাওঁ‌ মহাবিদ্যালয়ৰ ড° ৰিমঝীম বৰা, লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিনোদ চেতিয়া, গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ সুৰেশ চেতিয়া, স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী গগৈ বৰুৱা, নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ বিশ্বজীত নাথৰ লগত যোগাযোগ কৰিব পাৰে।