বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৮ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বাক্সাৰ কুমাৰীকাটাত শুক্ৰবাৰে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন জাতীয় ছাত্র সংগঠন সমূহৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। কুমাৰীকাটাৰ জলাহ ৰোডৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, তামুলপুৰ মহকুমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কুমাৰীকাটা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কুমাৰীকাটা বনিক সন্থাৰ বিষয়ববীয়া সকলে। তীব্ৰ ৰ’দকো নেওচি ৰাজপথলৈ ওলাই অহা প্ৰতিবাদী সকলে নাগৰিকত্ব সংশোধনী বিধয়েক বাতিল কৰক, বিজেপি চৰকাৰ গ’ বেক, অসমক বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সমদল কাৰ্যসূচীত কুমাৰীকাটাৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষাবিদে অংশগ্ৰহণ কৰাৰ লগতে অভিভক্ত কুমাৰীকাটা আঞ্চলিক এবছু, তামুলপুৰ আঞ্চলিক আৰছু, আটছা, এছুৰ উপৰিও বিভিন্ন দল সংগঠনেও সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে প্ৰতিবাদী সকলে সমদল উলিয়াই ১২৭ ডি নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। এই গণ বিক্ষোভ কাৰ্যসূচীত হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈ বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ ৰূপায়ন কৰে।