ৰঙিয়া, সংবাদ ৩৬৫, ২৮ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যহত থকাৰ সময়তে সোমবাৰে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে ৰঙিয়া। ৰঙিয়াৰ তুলসীবাৰীত বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ লগতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধয়েকখনৰ বিৰোধীতা কৰি ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে গণ বিক্ষোভ প্ৰদৰ্শন কৰি বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ পৰা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, ৰাজ্য চৰকাৰ মূৰ্দাবাদ, জাতীয় নায়ক মূর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ আছুৰ লগতে ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও বিধেয়কখন বাতিলৰ দাবীত এক বিশাল গণ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী সমদলত ৰঙিয়াৰ কেইবাটাও দল সংগঠনৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। ৰঙিয়া নগৰৰ মূল পথেৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে। সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰক, কেন্দ্ৰ চৰকাৰ মূর্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ জড়িয়তে কেন্দ্ৰ চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কার্যক কেতিয়াও মানি লোৱা নহব, ধৰ্ম ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা কেতিয়াও মানি লোৱা নহব, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে আৰু এই আইন বাতিল নকৰালৈকে আন্দোলন অব্যহত থাকিব ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।