গহপুৰ, সংবাদ ৩৬৫, ২৭ জুনঃ গহপুৰত এক কৰুণ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ এগৰাকী অধ্যাপিকাই নিজেই নিজৰ চিতা সাজি টায়াৰ জ্বলাই জুইত জাপ দি আত্মহত্যা কৰে। গহপুৰৰ হাৱাজানৰ ময়ুৰী কাকতি নামৰ অধ্যািপকা গৰাকীয়ে এইদৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি কলাবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা ময়ুৰীয়ে অকলশৰীয়াকৈ হাৱাজানৰ বাসগৃহত থকাৰ বিপৰীতে মায়ুৰীৰ পিতৃ-মাতৃ আৰু চিকিৎসক ভাতৃ থাকে বিশ্বনাথ চাৰিআলীত৷ সোমবাৰে ময়ুৰীয়ে বিশ্বনাথ চাৰিআলীস্থিত বাসগৃহলৈ আহি পৰিয়ালৰ লগত কিবা কথাত মতানৈক্য হৈ মঙলবাৰে হাৱাজানৰ বাসগৃহলৈ ঘূৰি আহে৷ হাৱাজানৰ বাসগৃহলৈ আহি অবিবাহিতা ময়ুৰীয়ে ঘৰৰ পিছফালে চিতা সাজি টায়াৰ জ্বলাই চিতাৰ জুইত জাপ দিয়ে। ময়ুৰীক স্থানীয় ৰাইজে জুইৰ পৰা উদ্ধাৰ কৰি আনি চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাত বাটতে মৃত্যু হয় মায়ুৰীৰ। মায়ুৰীৰ এই আত্মহত্যাৰ ঘটনাৰ বাবে স্থানীয় লোকে পৰিয়ালকে দোষাৰূপ কৰিছে৷