গুৱাহাটী, সংবাদ ৩৬৫, ৩ মে’ : অসম নাগৰিক সমাজে নিৰ্বাচনী বিধি উলংঘা কৰাৰ ওপৰত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত তেওঁলোকে কয় যে বিজেপিয়ে সৈন্য বাহিনীক নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় কৰি লৈছে। সৈন্য বাহিনীক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰৰ কৰাটো যে অতি বিপজ্জনক সেই লৈ সৈন্যবাহিনীৰ প্ৰাক্তন মুৰব্বী আৰু উচ্চ পদবী ধাৰী কেইবাজনেও ইতিমধ্যে ৰাষ্ট্ৰপতিৰ ওচৰত আপত্তি দৰ্শাইছে। কিন্তু নিৰ্বাচন আয়োগে এই বিষয়ে পৰামৰ্শ আগবঢ়ায়ে তেওঁলোকৰ কৰ্তব্য সামৰিছে। এইবাৰৰ নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে নিৰপেক্ষতা অৱলম্বন কৰা নাই।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্য্যালয় ব্যৱহাৰ কৰি ২৩ মে’ৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰৰ ভিত্তিত চৰকাৰৰ সকলো বিভাগৰ মুৰব্বীলৈ ১০০ দিনৰ কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। নিৰ্বাচিত নোহোৱাকৈ দেশত নিৰ্বাচনকালীন প্ৰধান মন্ত্ৰী এজনে কি যুক্তিত এনে নাভূত নাশ্ৰুত নিৰ্দেশ জাৰি কৰে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে কেনেকৈ মৌন হৈ আছে। আনহাতে নিৰ্বাচনৰ সময়ত প্ৰধান মন্ত্ৰীৰ হেলিকপ্টাৰ তালাচী কৰাৰ বাবে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া এজনক নিলম্বিত কৰাটোও অতন্ত্য পক্ষপাতিত্বমূলক পদক্ষেপ। যদিও কেন্দ্ৰীয় প্ৰশাসনীয় প্ৰাধিকৰণৰ নিৰ্দেশত সম্প্ৰতি এই নিলম্বন উঠাই লোৱা হৈছে।

অসম নাগৰিক সমাজে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰে আৰু এক মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত দল মত নিৰ্বিশেষে নিৰ্বাচনী বিধি উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আয়োগৰ ওচৰত দাবী জনায়।

আনহাতে যোৱা কেইদিনমানৰ মানৰ পৰা অসমৰ সাংবাদিকসকলৰ ওপৰত ঘটা আক্ৰমণৰ ঘটনাক অসম নাগৰিক সমাজে আশ্চৰ্য প্ৰকাশ কৰিছে। এই ঘটনাক কঠোৰ ভাষাৰে দি এই ঘটনাৰ লগত জড়িত অপৰাধীবোৰক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁলোকে কয় যে এই সকলো হৈছে বাক স্বাধীনতা ৰুদ্ধ কৰি আমাৰ গণতন্ত্ৰক দুৰ্বল কৰাৰ কূট কৌশল। এনে সকলো কৌশলৰ বিৰুদ্ধে আমি সমূহ গণতন্ত্ৰ প্ৰেমী ৰাইজে ঐক্যবদ্ধভাৱে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব।