মালিগাঁও, ২৬ জুলাই, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) তিনচুকীয়া মণ্ডলৰ বানপীড়িত ৰে’ল খণ্ডসমূহত যুদ্ধকালীন তৎপৰতাৰে ব্যাপক পুনৰুদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে, যাতে অতি শীঘ্ৰে স্বাভাৱিক ৰে’ল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যায়। ক্ষতিগ্ৰস্ত সকলো স্থানতে বৃহৎ সংখ্যক কৰ্মী আৰু অত্যাধুনিক যন্ত্ৰ-পাতি নিয়োগ কৰি দিনে নিশাই পুনৰুদ্ধাৰ কাৰ্য চলাই থকা হৈছে। শিমলগুড়ী-লাকুৱা খণ্ডৰ (কিমি ৪২৭/৭–১১ আৰু অন্যান্য ক্ষতিগ্ৰস্ত স্থানত) চেছ সুৰক্ষা আৰু ৰে’লপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম চলি আছে।

উক্ত স্থানত ইতিমধ্যে এখন বেলাষ্ট ৰেক স্থাপন কৰা হৈছে আৰু ক্ষতিগ্ৰস্ত ৰেলৱে গাঁথনি অধিক শক্তিশালী কৰাৰ অৰ্থে ৱাগন যোগে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে। আনহাতে, শিমলগুড়ীনামতিআলি খণ্ডত (৪১৬/৬-১০, ৪১৭/৩১৪, ৪১৫/৪-৬ আৰু ৪১৮/৪-৬ কিঃমিঃত) ক্ষতিগ্ৰস্ত অংশত ৰেলপথৰ ভেটি পুনৰুদ্ধাৰৰ কামৰ সমান্তৰালভাৱে ষ্টোন ডাষ্ট আৰু বল্ডাৰ নামনিৰ কামো অবিৰতভাৱে চলি আছে। আমগুড়ী-চেলেংহাট খণ্ডৰ (কিমি ৩৯২/৯-১৭) ক্ষতিগ্ৰস্ত স্থানসমূহত বালিৰ বেগ, বাঁহৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত চলি আছে।

ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বল্ডাৰৰ পৰিবহণ আৰু নামনিৰ কামো অবিৰতভাৱে চলি আছে। আনহাতে, শিমলগুড়ী-শিৱসাগৰ টাউন খণ্ডৰ (কিমি ৭/১১-১২ আৰু ৭/১৩-১৫) বাঁহৰ পাইলিং আৰু চেছ সুৰক্ষাৰ কাম অব্যাহত থকাৰ লগতে বেলাষ্ট নিৰন্তৰভাৱে যোগান ধৰা হৈছে, যাতে ক্ষতিগ্ৰস্ত ৰেলপথৰ ভেটি সু অৱস্থা কৰি পুনৰুদ্ধাৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব পৰা যায়সামগ্ৰিকভাৱে, পুনৰুদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰিবলৈ আক্ৰান্ত সমগ্ৰ স্থানতে ৭০০ তকৈ অধিক শ্ৰমিকৰ লগতে পক্লেইন, জেচিবি আদি বহুতো গধুৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে। বালাষ্ট, বোল্ডাৰ, বালিৰ বস্তা, ষ্টোন ডাষ্ট আৰু ৰেল আদি সামগ্ৰী নিৰন্তৰভাৱে পৰিবহণ আৰু ব্যৱহাৰ কৰি ক্ষতিগ্ৰস্ত ৰেল গাঁথনি শক্তিশালী কৰাৰ কাম চলি আছে।

তিনিচুকীয়া মণ্ডলৰ জ্যেষ্ঠ ৰেলৱে বিষয়াবৰ্গই পুনৰুদ্ধাৰ কাৰ্য অবিৰতভাৱে পুনৰুদ্ধাৰ কাৰ্য পৰ্যবেক্ষণ কৰি আছে, যাতে সময়মতে সম্পদৰ ব্যৱহাৰ, ফলপ্ৰসূ সমন্বয় আৰু সুৰক্ষাৰ সকলো মানদণ্ড কঠোৰভাৱে পালন কৰাটো নিশ্চিত হয়। ৰেল চলাচল নিৰাপদভাৱে আৰু সম্ভৱপৰ অতি সোনকালে পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে দিন-নিশাই এই পুনৰুদ্ধাৰ কাৰ্য চলি আছে। উত্তৰ-পূব সীমান্ত ৰেলৱে যাত্ৰী আৰু ৰেল আন্তঃগাঁথনিৰ সুৰক্ষা নিশ্চিত কৰি অতি কম সময়ৰ ভিতৰতে পুনৰুদ্ধাৰ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ