নাবলাৰী, সংবাদ ৩৬৫, ১৫ মেঃ নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তর্গত বিদ্যালয় সমূহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱা ৫ মাহ হৈ যোৱাৰ পিছতো বিদ্যালয় সমূহত বিভিন্ন বিষয়ৰ প্ৰায় ১১,০০০ পাঠ্যপুথি ছাত্ৰ ছাত্ৰীয়ে লাভ নকৰাৰ লগতে ঘগ্ৰাপাৰৰ ৩ খন বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীত বিভিন্ন বিষয়ৰ প্ৰায় ৫০০ ৰো অধিক পাঠ্যপুথি নোপোৱাৰ প্ৰতিবাদত আৰু বিদ্যালয় সমূহত শিক্ষকৰ অভাৱ পূৰণ কৰাৰ দাবীত মঙলবাৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাই ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰ কার্যলায়ত প্ৰতিবাদ সাব্যস্ত কৰে। ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ কৰ্মকৰ্তত লগতে কেইৱা শতাধিক ছাত্র ছাত্ৰীয়ে পাঠ্যপুথি আৰু শিক্ষক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।ঘগ্ৰাপাৰ ডাক বাংলাৰ পৰা ছাত্র ছাত্ৰী সকলে প্ৰতিবাদ আৰম্ভ কৰি ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰ কার্যলায়ত উপস্থিত হৈ আমাক শিক্ষক লাগে আমাক শিক্ষক দিয়ক,আমাক কিতাপ লাগে আমাক কিতাপ দিয়ক, শিক্ষা বিভাগ মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ শ্লোগানৰে উত্তাল কৰি তোলে।