মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৫ মেঃ অবৈধভাৱে ৰাজপথত ধন সংগ্ৰহ কৰাৰ অভিযোগত আজাৰা আৰক্ষীয়ে এজন কনিষ্টবলসহ তিনিজন গৃহৰক্ষী জোৱানক আটক কৰে। আৰক্ষীয়ে আটক কৰা জোৱান সকল বৰঝাৰ আৰক্ষী চকীত কৰ্মৰত আছিল। জানিব পৰা মতে বৰঝাৰ আৰক্ষী চকীৰ জাকিৰ হুছেইন নামৰ কনিষ্টবলজনৰ লগতে স্বৰিফ আলি, নয়ন দাস আৰু বিজিত দাস নামৰ তিনিজন গৃহৰক্ষী জোৱানক বৰঝাৰত তালাচীৰ নামত বিভিন্ন বাহন চালকক হাৰাশাস্তি কৰাৰ লগতে ধনদাবী কৰা অভিযোগত আটক কৰা হয়। আজাৰা আৰক্ষীয়ে ধন দাবীৰ অভিযোগত আটক কৰা জোৱান কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।