ৰঙিয়া, সংবাদ ৩৬৫, ১৫ মেঃ ৰে’ল আৰক্ষী বাহিনীয়ে মঙলবাৰে ৰঙিয়া ৰে’ল জংচনত অভিযান চলাই ৫ নং প্লেটফৰ্মৰ পৰা প্ৰায় ৪২০ লিটাৰ চুলাই মদ জব্দ কৰে। ৰঙিয়াৰ পৰা গুৱাহাটী মহানগৰীলৈ ৰে’ল যুগে নিয়াৰ চেষ্টা কৰোতে ৰে’ল আৰক্ষীয়ে অবৈধ চুলাই মদ খিনি জব্দ কৰে। ৰে’ল আৰক্ষীয়ে অবৈধ চুলাই মদ খিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও সৰবৰাহ কৰা মহিলা কেইগৰাকী পলায়ন কৰে। উল্লেখ্য যে বিভিন্ন সময়ত ৰঙিয়া জংচনৰ পৰা অবৈধ চুলাই মদ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়ত মঙলবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰাত ৰঙিয়াৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।