গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল: উত্তৰ-পূৱৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান মেক্স চিমেণ্টে শুকুৰবাৰে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দুখীয়া শ্ৰেণীৰ জনতাৰ মাজত বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। কভিড-১৯ কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা লকডাউনৰ বাবে সামগ্ৰিক অৱস্থা তথৈবচ হৈ পৰিছে দুখীয়া শ্ৰেণীৰ লোকসকলৰ। সমাজৰ দুখীয়া শ্ৰেণীৰ ৰাইজক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যেই চিমেণ্ট প্ৰতিষ্ঠানটোৱে দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত খাদ্য আৰু বিভিন্ন অত্যাৱশ্যকীয় সমগ্ৰী বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।

মেক্স চিমেণ্টে অসম আৰক্ষীৰ সহযোগত গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া এলেকাবোৰত বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। সামগ্ৰী বিতৰণ কৰোতে প্ৰয়োজনীয় সকলোধৰণৰ পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে সামাজিক ব্যৱধান কঠোৰভাৱে পালন কৰা হয়। উল্লেখ্য যে মেক্স চিমেণ্টৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ প্ৰয়াত জি এন আগৰৱালৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী হাতত লোৱা হয়। গুৱাহাটীৰ দাঁতিকাষৰীয়া আদিংগিৰি পাহাৰ, গোশালা, মালিগাওঁ আৰু আদাবাৰীৰ বিভিন্ন স্থানত সামগ্ৰী বিতৰণ কৰা হয় মেক্স চিমেণ্টৰ ফলৰ পৰা । চাউল, দাইল, মিঠাতেল আৰু বিভিন্ন শাক-পাচনি বিতৰণ কৰি কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, ‘ক’ভিড-১৯ কৰ’ণা ভাইৰাছৰ এই মহামাৰী ৰোধ কৰাৰ সমান্তৰালকৈ লকডাউনৰ সময়ছোৱাত বিপদত পৰা দুখীয়া শ্ৰেণীৰ লোকসকললৈ সাহায্য আগবঢ়োৱাৰ এক সামান্য প্ৰয়াস কৰিছো আমি’। আগৰৱালে লগতে কয়, ‘আমি গুৱাহাটীত বসবাস কৰা দুখীয়া লোকৰ মাজত সামগ্ৰী বিতৰণ কৰা অৱস্থাত ক’ভিড-১৯ কৰুণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থতে পৰিস্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰা আৰু সামাজিক ব্যৱধাৰ ৰক্ষা কৰি চলিছো।’ এই সন্দৰ্ভত মেক্স চিমেণ্টৰ সঞ্চালক প্ৰকাশ আগৰৱালাই কয়, ‘প্ৰতিবছৰেই আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি আমাৰ আদৰৰ প্ৰয়াত অধ্যক্ষ তথা প্ৰতিষ্ঠাপক জি এন আগৰৱালৰ মৃত্যু তিথিটো স্মৰণ কৰো। সাধ্যানুসৰি এই দিনটোত আমি সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলক সহায় কৰাৰ প্ৰয়াস কৰো।’

মেক্স চিমেণ্টৰ সঞ্চালক গৰাকীয়ে লগতে কয়, ‘আমি এইবছৰো সঠিক সামাজিক ব্যৱধান ৰক্ষা কৰি আৰু পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি দুখীয়া শ্ৰেণীৰ লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ চেষ্টা কৰিছো।’