গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল: অসমৰ শিক্ষা ব্যৱস্থাক কিছু পৰিৱৰ্তন কৰাৰ উদ্দেশ্যেৰে ‘পাৰ্চনেল গুৰু’ নামৰ এক ষ্টাৰ্টআপে অসমৰ ছাত্ৰ-ছাত্ৰী সকললৈ লৈ আহিছে এক আশাৰ সঁফুৰা। শিক্ষা প্ৰণালীৰ কিছু পৰিৱৰ্তন কৰাৰ উদ্দেশ্যৰে ‘পাৰ্চনেল গুৰু’এ ইতিমধ্যে অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়া বেংকিং/এচ এচ চি/ৰেলৱে আদিৰ অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও অসমৰ ছাত্ৰ সমাজৰ বাবে ‘পাৰ্চনেল গুৰু’এ ইউ পি এছ চি/এ পি এচ চি আৰু কাৰিকৰী অসুবিধাক নিয়ন্ত্ৰণ কৰি জে ই ই আৰু এন ই ই টি পৰীক্ষাৰ ২১ দিনীয়া বিনামূলীয়া ক্ৰেচ কৰ্ছ আৰম্ভ কৰিছে।

সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো মাৰাত্মক কৰ’ণা ভাইৰাছে এক সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে ‘পাৰ্চনেল গুৰু’ বিভিন্ন কৰ্ছৰ লগতে অসমৰ ৰাইজক ইংৰাজী শব্দ আৰু ভাষাৰ জ্ঞান লাভ কৰাৰ উদ্দেশ্যৰে মাত্ৰ ৪৯৯ টকাত আগবঢ়াই দিছে ইংৰাজীৰ পাঠ্যক্ৰম। ‘পাৰ্চনেল গুৰু’ৰ চি ই ও আৰু উপ-প্ৰতিষ্ঠাপক মুকলেশ ৰহমানে ‘পাৰ্চনেল গুৰু’ৰ উদ্দেশ্যে লগতে বিত্তীয় দিশৰ ক্ষেত্ৰত মতামত দাঙি ধৰি কয় যে ‘পাৰ্চনেল গুৰু’এ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাক সুলভ কৰিবলৈ আগবঢ়োৱা প্ৰয়াসৰ অন্ততে ইতিমধ্যে বিনিয়োগকাৰীৰ দ্বাৰা মান্যতা পোৱাৰ লগতে প্ৰথম বিত্তীয় সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে অসমৰ মানুহৰ দ্বাৰা গঠিত ‘পাৰ্চনেল গুৰু’এ ৰাজ্যৰ বিভিন্ন লোকৰ সমৰ্থন পোৱাৰ লগতে জনসাধাৰণক সহায় আগবঢ়োৱাৰ লগতে নিজৰ লক্ষ্যক আগুৱাই নিবলৈ সক্ষম হৈছে। মুখ্য ডাটা ইঞ্জিনীয়াৰ শ্ৰী অনুপ কুমাৰ প্ৰসাদে ‘পাৰ্চনেল গুৰু’ৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে যত এক ইচ্ছা আছে, তাত এক পথ আছে।

অনলাইন আৰু অফলাইন শৈক্ষিক সুবিধা প্ৰদান কৰা ‘পাৰ্চনেল গুৰু’এ প্ৰদান কৰা সুবিধাসমূহ হৈছে ক্ৰমে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীকে আই আই টি বা ভাৰতৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ ব্যক্তিগত প্ৰশিক্ষকৰ তলত ৰখা হ’ব যাৰ ফলতে প্রশিক্ষকসকলে ছাত্ৰৰ দুৰ্বলতা আৰু সক্ষমতা জনাৰ উদ্দেশ্যে প্ৰত্যেক দিনাই ছাত্ৰ-ছাত্রী সকলৰৰ প্ৰফাইল সমূহ বিশ্লেষণ কৰিব পাৰিব আৰু সফলতাৰ বাবে আগুৱাই নিব পাৰিব। নামভৰ্তি আৰু কেৰিয়াৰ সন্দৰ্ভত ‘পাৰ্চনেল গুৰু’এ বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অফলাইন কোচিংৰ ১০০ শতাংশ গেৰাণ্টিৰ আৰু এন ই ই টি আৰু জে ই ই ৰ ২৫ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ আবাসৰ সুবিধা প্ৰদান কৰিব ‘পাৰ্চনেল গুৰু’নামৰ শৈক্ষিক প্রতিষ্ঠানটোৱে। ‘পাৰ্চনেল গুৰু’ৰ ৱেবচাইটটো হৈছে www.personalguru.in