গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : বিশ্বজুৰি সন্ত্ৰাসৰ জুই বিয়পাই দিয়া কৰ’ণা ভাইৰাছৰ চিকিৎসাত নিয়োজিত এজন স্বাস্থ্যকৰ্মীৰ মৰ্মবেদনা। নিজ পিতৃক দূৰৰ পৰাই অন্তিম শয়নত দর্শন কৰি উভতিব লগা হ’ল সোণাপুৰ জিলা চিকিৎসালয়ত কৰ্মৰত মুকেশ ইংতি।

বিশ্বৰ অন্যান্য দেশসমূহৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মাৰাত্মক কৰ’ণা ভাইৰাছে সন্ত্ৰাস চলাই থকা সময়তে অসমৰ সোণাপুৰৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ লগত সংঘটিত হোৱা এক হৃদয় বিদাৰক ঘটনাই ইতিমধ্যে শোকৰ ছাঁ পেলাইছে ডিমৰীয়া অঞ্চলত।সোণাপুৰ জিলা চিকিৎসালয়ত কৰ্মৰত মুকেশ ইংতিৰ পিতৃৰ যোৱা ১৪ এপ্ৰিলত বিয়োগ ঘটিছিল। সোণাপুৰ চিকিৎসালয়ত কৰ’ণা ভাইৰাছ আক্রান্ত ব্যক্তিৰ চিকিৎসা কৰ্মৰ লগত জড়িত থকাৰ বাবে পিতৃক অন্তিম ক্ষণত দূৰৰ পৰাই দর্শন কৰিবলগীয়া হৈছিল মুকেশ ইংতিৰ। বৰ্তমান সময়ত মাৰাত্মক কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ বহুকেইখন ৰাজ্যতে এক মহামাৰী ৰূপে থিয় দিছে। ভাৰতবৰ্ষত অলেখ লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংস্পৰ্শলৈ আহি মৃত্যুক আঁকোৱালি লোৱাও দেখা গৈছে।বিশ্বৰ চিকিৎসা বিজ্ঞান সমূহে ভাইৰাছৰ প্ৰতিষেধক বিচাৰি দিন-ৰাতি এক কৰি থকাৰ লগতে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকসকলক সুস্থ কৰিবলৈ গৈ বহু কষ্টৰ সন্মুখীন হৈছে স্বাস্থকৰ্মী আৰু চিকিৎসাকৰ্মীসকলে। এনে এক দুৰ্গম সময়তে সোণাপুৰৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ লগত সংঘটিত ঘটনাই শোকৰ ছাঁ পেলাইছে অসমৰ লগতে সমগ্ৰ ডিমৰিয়া অঞ্চলতে। উল্লেখ্য যে, সোণাপুৰ নৰতাপ আমগুৰিৰ স্বাস্থকৰ্মী মুকেশ ইংতিয়ে সোণাপুৰ জিলা চিকিৎসালয়ত এসপ্তাহজুৰি নিজৰ সেৱা প্ৰদান কৰাৰ পিছত ৮ এপ্ৰিলৰ পৰা গুৱাহাটী মহানগৰীৰ পল্টনবজাৰস্থিত এখন হোটেলয় কোৱাৰেন্টাইনত আছিল। ইয়াৰ মাজতে যোৱা ১৪ এপ্ৰিলৰ ৰাতিপুৱা মুকেশ ইংতিৰ পিতৃ পদুম ইংতিৰ মৃত্যু ঘটে। পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে মুকেশ ইংতিয়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত নিজ পিতৃৰ বিয়োগৰ কথা অৱগত কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই সোণাপুৰ জিলা চিকিৎসালয়ত মুকেশৰ সকলো প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি পি পি ই কিট পৰিধান কৰাই ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে। প্ৰাথমিক চিকিৎসা সম্পূৰ্ণ হোৱাৰ ১৪ এপ্ৰিলৰ দিনা দিনৰ ১০ বজাত ডিমৰীয়াত উপস্থিত হৈ দূৰৰ পৰাই শেষবাৰৰ বাবে নিজ পিতৃক দৰ্শন কৰে স্বাস্থ্যকৰ্মী মুকেশ ইংতিয়ে।

কোৱাৰেন্টাইনত থকাৰ বাবেই দূৰৰ পৰাই পিতৃক শেষ দর্শন কৰি পুনৰ পল্টনবজাৰত কোৱাৰেন্টাইন হৈ থকা হোটেলখনলৈ উভতনি যাত্ৰা কৰিব লগা হয় মুকেশ ইংতিয়ে।