চিৰাঙ

১৯ আগষ্ট

চিৰাঙৰ বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰীয়া হাতীৰ আক্ৰমনত নিহত এজন। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ১ নং বিষ্ণুপুৰ বজাৰৰ মাজ মজিয়াত আক্ৰমণ চলাই এজন লোকক। হাতীৰ আক্ৰমণত ঘটনাস্থলীতে নিহত হয় অধৰ মেধি নামৰ লোকজন।

চিৰাঙ জিলাৰ বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ মাজ মজিয়াত বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বনৰীয়া হাতী ওলাই আহি অধৰ মেধি নামৰ এজন লোকক আক্ৰমণত কৰাত ঘটনাস্থলীতে লোকজন নিহত হয়। ঝাৰবিষপানী গাঁৱৰ অধৰ মেধি বজাৰৰ মাজেৰে গৈ থকা অৱস্থাত হঠাৎ বনৰীয়া হাটীটোৱে অধৰ মেধিক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ খবৰ পাই ঘটনাস্থলীত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ নিহত অধৰ মেধিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওলৈ প্ৰেৰণৰ চেষ্টা চলায় যদিও আৰক্ষীৰ দলটো ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰতিবাদকাৰী সকলে ৰাজপথত বনৰীয়া হাতীয়ে আক্ৰমণত নিহত হোৱা অধৰ মেধিৰ লৈ অসম চৰকাৰ হায় হায়, বনমন্ত্ৰী পৰিমল শুক্লবৈধ্য গ’ বেক ধ্বনিৰে ৰাজপথ উত্তাল কৰি তুলে।

ঘটনা সন্ধৰ্ভত সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সম্পাদক সুখদেৱ ৰাজবংশী আৰু বিটিচি কোচ-ৰাজবংশী সন্মিলনীৰ সাধাৰন সম্পাদকে হাতীৰ আক্ৰমণত নিহত হোৱা অধৰ মেধিৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। বিটিচি কোচ-ৰাজবংশী সন্মিলনীৰ সাধাৰন সম্পাদক ৰাজীৱ বৰ্মনে বিজনী বন বিভাগে অতি শীঘ্ৰে অঞ্চলটোত বনৰীয় হাতীৰ আক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তক বিটিচি নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে। অঞ্চলটোত নিতৌ বনৰীয়া হাতীৰ আক্ৰমনৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতো বন বিভাগৰ কোনো শীৰ্ষ বিষয়াই অঞ্চলটো পৰিদৰ্ষন নকৰে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে। চিৰাঙ জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চল সমুহত মানাস ৰাষ্ট্ৰীয় উদ্যান তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয় হাতীয়ে দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত সন্ত্ৰাস চলাই আহিছে যদিও বনৰীয়া হাতীৰ আক্ৰমণ ৰোধ কৰিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সঘনাই জিলাখনৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত দেখিবলৈ পোৱা যায়।

চিৰাঙ জিলাত বিভিন্ন সময়ত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ ঘৰ-দুৱাৰৰ লগতে খেতিপথাৰ ধ্বংস হোৱাৰ লগতে বহু কেইজন লোকৰ মৃত্যু হৈছে। বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীক ৰোধিবলৈ কোনো ধৰনৰ ফেন্সিং অথবা প্ৰতিৰোধৰ ব্যৱস্থা নথকাৰ ফলত জিলাখনত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংহত। চৰকাৰে অতি শীঘ্ৰে জিলাখনত বনৰীয়া হাতীৰ আক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনায় স্থানীয় ৰাইজে।