কলগাছিয়া

১৯ আগষ্ট

নৈ পৰিয়া ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা, কোনো এখন চৰকাৰে সমাধান নকৰিলে। কি কংগ্ৰেছ, কি অগপ, কি বিজেপি শাসনত বহিল প্ৰতিটো দল, কিন্তু সমস্যা সমাধনৰ ক্ষেত্ৰত প্ৰতিটো দলে কেৱল আশ্বাসহে প্ৰদান কৰিলে। বাৰম্বাৰ অনুৰোধ, চৰকাৰক কাকতি-মিনতি, প্ৰতিবাদো হ’ল কিন্তু চৰকাৰৰ দৃষ্ঠি আকৰ্ষণ নহ’ল। এইবাৰ এবুকু পানীত নামিত শাসনত থকা বিজেপি চৰকাৰৰ দৃষ্ঠি আকৰ্ষণৰ চেষ্টা।

বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলুবাৰী, হাপনা গাঁও, কুৰোবাহা আৰু চলচলিয়া গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত গাঁও কেইখনৰ কেইবাশ বিঘা কৃষিভূমিৰ লগতে শতাধিক পৰিয়ালৰ বাসগৃহ বেঁকী নদীৰ বুকুত জাহ যোৱাত গৃহহীন হৈ পৰা পৰিয়াল কেইটা অঘৰীৰ দৰে জীৱন যাপন কৰিব লগীয়া হৈছে। বছৰ বছৰ ধৰি গাঁও কেইখনৰ ৰাইজে চৰকাৰক বেঁকী নদীৰ গৰাখহনীয়াৰ পৰা তেওঁলোকৰ ভূমি ৰক্ষা কৰিবলৈ অনুৰোধ জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই সকল লোকৰ সমস্যা সমাধান নকৰিলে।

অৱশেষত শাসনত থকা বিজেপি দলৰ সুদৃষ্ঠি বিচাৰি এবুকু পানীত নামিল গাঁও কেইখনৰ ৰাইজ। গাওঁ কেইখনৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই এবুকু পানীত নামি বেঁকী নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে। স্থানীয় সাংসদ আব্দুল খালেক আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামে খহনীয়াগ্ৰস্ত লোকৰ খবৰ নোলোৱাৰ বাবে প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰী সকলে স্থনীয় সাংসদ আৰু বিধায়কৰ ওপৰৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বিজেপি চৰকাৰে ৰাইজৰ কাম কৰাৰ সুমতিৰ বাবে প্ৰতিবাদকাৰী সকলে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে।

প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰেই যদি চৰকাৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উক্ত গাওঁ কেইখনৰ ৰাইজে সমূহীয়া আত্মজাঁহ দিয়াৰ ভাবুকি প্ৰদান কৰিছে। উল্লেখযোগ্য যে বেঁকী নদীৰ গৰাখহনীয়াই খেতি-পথাৰ, ঘৰ-মাটি-ভেটি উচন কৰি গৰাখহনীয়াগ্ৰস্ত লোকক পথৰ ভিক্ষাৰীত পৰিনত কৰাত এইদৰে ৰাইজে পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায়।