বাক্সা, সংবাদ ৩৬৫, ৯ এপ্ৰিল: মাৰাত্মক কৰ’ণা ভাইৰাছৰ ফলত বিশ্বৰ সমগ্ৰ দেশৰ লগতে ভাৰতবৰ্ষতো এক অচল অৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।ইয়াৰ সমান্তৰালে তলাবন্ধৰ ফলত সংকটত ভোগা লোকসকলৰ বাবে সহায়ৰ হাত লৈ বিভিন্নজন লোক আগুৱাই অহাও দেখা গৈছে। কিছুমানে যদি সামৰ্থ্য অনুযায়ী নিজৰ উপাৰ্জনৰ কিছু অংশ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে হোৱা এই ৰণখনৰ বাবে আগবঢ়াই দিছে আনহাতে কিছুমান লোকে আকৌ সংকটৰ সন্মুখীন হোৱা লোকসকলৰ বাবে আগবঢ়াই দিছে খাদ্যসামগ্ৰী।

তলাবন্ধ অব্যাহত থকাৰ এই সময়তে বাক্সা জিলা গাৰোগাঁৱৰ অৰ্ধশতাধিক লোকক সহায়ৰ হাত আগবঢ়াই দিবলৈ আগুৱাই আহিল কমল কুমাৰ বৰ্মনৰ লগতে পুলক ডেকা, হৰেশ্বৰ চৌধুৰী, ৰিতুমণি দাস, হৰেশ্বৰ কলিতা, পবিত্ৰ চৌধুৰী আৰু জীৱেশ্বৰ কলিতা। উল্লেখযোগ্য যে মাৰাত্মক কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে এক সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে। ইয়াৰ উপৰিও সমগ্ৰ বিশ্বতে অনেক লোক কৰ’ণা ভাইৰাছৰ কবলত পৰি মৃত্যুক আঁকোৱালি লৈছে।বিশ্বৰ সকলোবোৰ দেশৰ চিকিৎসা বিজ্ঞানী সকলে বৰ্তমান সময়ত মাৰাত্মক কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক বিচাৰি চেষ্টা অব্যাহত ৰখা দেখা গৈছে যদিও সফলতা কোনো এখন দেশৰ চিকিৎসা বিজ্ঞানীয়ে লাভ কৰা নাই। কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সামাজিক দূৰত্বক একমাত্ৰ অস্ত্ৰ হিচাপে লৈ তলাবন্ধ কৰি দিয়া হৈছে বিশ্বৰ ইখনৰ পৰা সিখন দেশ। ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ ভাৰততে ঘোষণা কৰা হৈছে ২১ দিনীয়া তলাবন্ধৰ। এনেদৰে তলাবন্ধ কৰাৰ পিছতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে দেশৰ সাধাৰণ জনতা। দেশৰ এক শ্ৰেণীৰ লোকে ইতিমধ্যে খাদ্যৰ সমস্যাৰ সম্মুখীন হোৱাও দেখা গৈছে। বিশেষকৈ দিন হাজিৰা কৰা লোকসকলে বৰ্তমান সময়ত এক ডাঙৰ সংকটৰ সন্মুখীন হৈছে আৰু এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে আগুৱাই আহিছে সমাজৰ বহুজন সচেতন নাগৰিক। এইবাৰ বাক্সা জিলাৰ গোৰেশ্বৰ গাৰোগাঁও অঞ্চলৰ খাদ্যসমস্যাৰ সন্মুখীন হোৱা লোকসকলক সহায়ৰ বাবে আগুৱাই আহিল বাক্সা জিলাখনৰ গাৰোগাওঁ নিবাসী কমল কুমাৰ বৰ্মনৰ লগতে পুলক ডেকা, হৰেশ্বৰ চৌধুৰী, ৰিতুমণি দাস, হৰেশ্বৰ কলিতা, পবিত্ৰ চৌধুৰী আৰু জীৱেশ্বৰ কলিতা। গাৰোগাৱৰ এই সচেতন নাগৰিক সকলে অঞ্চলটোৰ অৰ্ধশতাধিক লোকৰ মাজত চাউল, দাইল, গাখীৰ, চেনী, চাহপাত, বিস্কুট, আটা আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে।

অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো চৰকাৰী কৰ্মচাৰীকে সংকটৰ সন্মুখীন হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনোৱাৰ পিছতে এনেদৰে ঠাই বিশেষে অসংখ্যজন লোক আগুৱাই অহা দেখা গৈছে সমাজত এক বিপদশংকুল পৰিস্থিতিৰ মোকাবিলা কৰা লোকসকলক সহায়ৰ হাত আগবঢ়াই দিবলৈ।