গুৱাহাটী, ২৩ নৱেম্বৰ, ২০২৬ : বিৰোধী দলপতি ৰাহুল গান্ধীৰ (Rahul Gandhi) নেতৃত্বত চলি থকা ‘ভোট বচাওক, দেশ বচাওক’ অভিযানৰ অংশ হিচাপে অহা ২৬ নৱেম্বৰ অৰ্থাৎ সংবিধান দিৱসৰ দিনা সমগ্ৰ দেশৰ লগতে অসমতো ‘সংবিধান ৰক্ষা পদযাত্ৰা’ অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক বিশেষ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃতত্ত্বাৱধায়ক মনোজ চৌহানে এই কাৰ্যসূচীৰ সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে।

সংবাদমেলখন সম্বোধন কৰি মনোজ চৌহানে কয় যে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকৰ সহযোগী দলসমূহে বিগত কেইবামাহো ধৰি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সৈতে মিলি ভোট চুৰিৰ জৰিয়তে চৰকাৰ গঠন কৰিছে আৰু দেশৰ গণতন্ত্ৰক লুণ্ঠন চলাইছে।” চৌহানে লগতে অভিযোগ কৰে যে ২০২৩ চনত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশক লৈ এখন সমিতি গঠনৰ যি নিৰ্দেশ দিছিল, কেন্দ্ৰীয় চৰকাৰে সংসদত আইন প্ৰণয়ন কৰি মুখ্য ন্যায়াধীশৰ স্থানত এগৰাকী কেবিনেট মন্ত্ৰীক অন্তৰ্ভুক্ত কৰি সেই ৰায় সলনি কৰি পেলালে।

ভোট চুৰিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অহা ২৬ নৱেম্বৰত দেশৰ প্ৰতিখন ৰাজ্যৰ সদৰ ঠাইত ‘সংবিধান ৰক্ষা পদযাত্ৰা’ উলিওৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, “যিসকল লোকে দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোক সকলোকে ২৬ নৱেম্বৰৰ সংবিধান ৰক্ষা পদযাত্ৰাত অংশগ্ৰহণ কৰি দেশৰ গণতন্ত্ৰ বচাবলৈ আমি আহ্বান জনাইছোঁ।” সংবাদমেলত তেওঁ কংগ্ৰেছৰ তিনিটা মূল দাবীৰ কথাও দোহাৰে-মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ, দেশৰ ১৩ কোটি ৩০ লাখ ভোটাৰৰ নাম কৰ্তন কৰা সমগ্ৰ এছ আই আৰ প্ৰক্ৰিয়া বাতিল কৰা আৰু ভৱিষ্যতৰ সকলো লোকসভা তথা বিধানসভা নিৰ্বাচন বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত কৰা।

ইফালে, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জনায় যে অহা ২৬ নৱেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ আৰু সম্পাদক ঘন চুতীয়াও উপস্থিত থাকে।