বঙাইগাঁও, সংবাদ ৩৬৫, ১১ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিশেষ ভাবে সক্ষম দুই ভগ্নীৰ এক কৰুণ কাহিনী। পিতৃ-মাতৃৰ বিয়োগৰ পিছত জ্যেষ্ঠ ভগ্নীৰ ওপৰত নিৰ্ভৰশীল বিশেষ ভাবে সক্ষম দুই ভগ্নী। চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা এই দুই ভগ্নীৰ ওপৰত লক ডাউনৰ এই সংকটৰ সময়ত নামি আহিছে অধিক জটিল পৰিস্থিতি।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে দেশজুৰি চলিছে লক ডাউন। গ্ৰীণ অঞ্চলত সমূত তৃতীয় পৰ্যায়ৰ লক ডাউনত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাত জনতাই কিছুমান সুবিধা লাভ কৰিছে যদিও এতিয়াও বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈ আছে। বিশেষকৈ যিসকল দুখীয়া লোক দুপইচা উপাৰ্জন কৰিব বাবে পৰিয়ালৰ পৰা আঁতৰি আছে তেনে লোকৰ পৰিয়াললৈ নামি আহিছে অধিক সংকট।

লক ডাউনৰ এই সময়ত প্ৰতিজন লোকে কিবা নহয় কিবা এটা অসুবিধাৰ সন্মুখীন নোহোৱা নহয়, কিন্তু কিছুমান লোকৰ বাবে এই লক ডাউন জীৱন-মৃত্যুৰ যুদ্ধৰ হৈ পৰিছে। কোনোৱাই যদি দুবেলা দুমুঠিৰ বাবে প্ৰতিদিনে যুদ্ধ চলাইছে, কোনোবাই আকৌ হাজাৰ হাজাৰ কিলোমিটাৰ পথ খোজকাঢ়ি আছে ঘৰমুৱা হ’বলৈ। মহাসংকটৰ এই সময়ৰ জীৱন-মৃত্যুৰ যুদ্ধৰ হৈ পৰিছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিশেষ ভাবে সক্ষম দুই ভগ্নী লক্ষ্মী মাল্লাহ আৰু মনিষা মাল্লাহ বাবে৷ বিশেষ ভাবে সক্ষম এই দুই ভগ্নীৰ ডাঙৰ ভগ্নী লক্ষ্মীয়ে কোনোমতে উঠি বহিব পাৰে যদিও সৰু মনিষাৰ বাবে সম্ভৱ নহয় বহি থকাটো৷ এটা গোহালি সদৃশ কোঠাৰ ভিতৰতে চুচৰি বাগৰি ফুৰে দুয়ো ভগ্নী৷

পিতৃ-মাতৃৰ বিয়োগৰ পিছত বিহাবিত জ্যেষ্ঠ ভগ্নী মীৰা মল্লাহ আৰু মীৰাৰ স্বামী ৰঞ্জিত মাল্লাহৰ ওপৰত নিৰ্ভৰশীল লক্ষ্মী আৰু মনিষা। মীৰাৰ স্বামী ৰঞ্জিত মাল্লাহ কৰ্মসূত্ৰে বসবাস কৰে মহানগৰী গুৱাহাটীত, লক ডাউনৰ ফলত গুৱাহাটীত ৰঞ্জিত মাল্লাহ আবদ্ধ হৈ পৰাত তীব্ৰ খাদ্য সংকট নামি আহিছে পৰিয়ালটোৰ ওপৰত। দুই সন্তান আৰু বিশেষ ভাবে সক্ষম দুই ভগ্নীক লৈ এসাজ খাই এসাজ লোঘণে দিন কটাইছে পৰিয়ালটো। চুবুৰীয়া লোক সকলে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই যদিও চৰকাৰী সাহায্যৰ নামত বৰ্তমানলৈকে একো লাভ কৰা নাই পৰিয়ালটো।

বিশেষ ভাবে সক্ষম লোক সকলৰ বাবে বিভিন্ন চৰকাৰী আঁচনি থকাৰ পিচতো কোনো এটা চৰকাৰী আচঁনিৰ অধীনত কোনোধৰণৰ সুবিধা লাভ কৰা নাই লক্ষ্মী আৰু মনিষাই৷ হুইলচেয়াৰ দুৰৰ কথা লজ্জা নিবাৰণৰ বাবেও এই দুই দুৰ্ভগীয়া ভগ্নীৰ নাই এযোৰ কাপোৰ৷ প্ৰতিদিনে এই পৰিয়ালটোৱে জীয়াই থকাৰ বাবে কৰি আহিছে কঠিন সংগ্ৰাম৷ এতিয়া প্ৰশ্ন উত্থাপিত হয় চৰকাৰৰ আঁচনি সমূহ আচলতে কাৰ বাবে? লক্ষ্মী আৰু মনিষাৰ এই কৰুণ কাহিনীয়ে অন্তৰ চুবনে চৰকাৰী বৰমুৰীয়া সকলোৰ?