গুৱাহাটী, সংবাদ ৩৬৫, ১১ মে’ : অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত সংখ্যা ৬৪ লৈ বৃদ্ধি পাইছে। মহানগৰী গুৱাহাটীত আৰু ২ জন লোক আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে সদৰি কৰিলে গুৱাহাটী মহানগৰীত আৰু ২ জন লোক আক্রান্ত হোৱাৰ কথা।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ সমান্তৰালে অসমতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। সোমবাৰে পুনৰ অসমত ২ জনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পায়। মহানগৰী গুৱাহাটীত ২ জন লোক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্রান্ত লোক দুজনৰ ভিতৰত এজন মৰিগাঁও জিলাৰ আৰু আনজন মহানগৰী গুৱাহাটীৰ বুলি নিজৰ টুইট যোগে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ২ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬৪ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৩৪ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভটিছে।

আনহাতে বিভিন্ন সামাজিক মাধ্যমত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ভুৱা টুইট বিয়পি পৰাও পৰিলক্ষিত হৈছে। ভুৱা টুইটখনত অসমত আৰু ৮ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰা বুলি উলেক্ষ্য কৰা আছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।