চিৰাং, সংবাদ ৩৬৫, ১৫ জুন : চিৰাংত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে চিৰাং জিলাত গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মাটিত পুতি থোৱা এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে সেনা বাহিনী, অসম আৰক্ষী, কব্ৰা বেটেলিঅন আৰু এছ এছ বিৰ যুটীয়া অভিযানত।

এক গোপন খবৰৰ ভিত্তিত সেনা বাহিনী, অসম আৰক্ষী, কব্ৰা বেটেলিঅন আৰু এছ এছ বিয়ে অভিযান চলাই চিৰাং জিলাৰ গভীৰ অৰণ্যত অসম-ভূটান সীমান্তত মাটি পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা কিছুদিন ধৰি সেনা বাহিনীৰ চেনেলত অসম-ভূটান সীমান্তত গভীৰ অৰণ্যত অস্ত্ৰ-শস্ত্ৰ থকাৰ এক সংকেত লাভ কৰাৰ পিছতে এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত সেনা আৰু আৰক্ষীয়ে চিৰাং সংৰক্ষিত বনাঞ্চলৰ বহু কেইটা অঞ্চলত অস্ত্ৰ-শস্ত্ৰ বিচাৰি অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও অৱশেষত সফলতাৰ মুখ দেখি সেনা বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিলে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ১৯২ টা গ্ৰেণেডৰ লগতে আছে বহু পিষ্টল, ৰাইফল এ কে ৪৭ ৰ গুলীৰ লগতে বহু অস্ত্ৰ ভাণ্ডাৰ। আৰক্ষীৰ পৰা জানিবলৈ পোৱা মতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা অৰণ্যখনৰ অঞ্চলটোৰ এন ডি এফ বিৰ শিবিৰ আছিল। আৰক্ষীয়ে সন্দেহ কৰা মতে এই অস্ত্ৰ ভাণ্ডাৰখিনি এন ডি এফ বিৰ হ’ব পাৰে।

বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সেনা বাহিনী আৰু আৰক্ষীয়ে লাভ কৰা এই সফলতাই বিশেষ গুৰুত্ব লাভ কৰিছে। জিলাখনত সেনা বাহিনী আৰু আৰক্ষীৰ এইয়া দ্বিতীয়টো বৃহৎ সফলতা বুলি অভিহিত কৰিব পাৰি। ইয়াৰ পূৰ্বে ২০১৯ চনত চিৰাং জিলাৰ পানবাৰীৰ পৰা সেনা বাহিনী আৰু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।