গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ দাবী ২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত বৰ্তমানৰ পেট্ৰ’ল, ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ। ২০০৪ চনৰ আগষ্ট মাহত আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ৪০ ডলাৰ আৰু বৰ্তমান আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ৪০ ডলাৰ, গতিকে ২০০৪ চনৰ মূল্যৰ ভিত্তিত দেশৰ পেট্ৰ’ল, ডিজেলৰ দাম নিৰ্ধাৰণ হ’ব লাগে বুলি দাবী জনাইছে ৰিপুন বৰাই।

২০০৪ চনত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু সেই সময়ত দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৩৬.৮১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত আছিল ২৪.১৬ টকা। ইয়াৰ বিপৰীতে বৰ্তমান দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৫.৭৮ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত মূল্য ৭৪.০৩ টকা। উল্লেখযোগ্য যে ২০০৪ চনৰ আগষ্ট মাহত খাৰুৱা তেলৰ মূল্য আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেলত আছিল ৪০ ডলাৰ আৰু আজিৰ তাৰিখতো খাৰুৱা তেলৰ মূল্য আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেলত ৪০ ডলাৰ হৈ আছে। সেইহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত হ’ব লাগে বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, ২০১৪ চনৰ মে’ মাহত পেট্ৰ’লৰ প্ৰতি লিটাৰত অবকাৰী শুক্ল আছিল ৯.২০ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত অবকাৰী শুল্ক আছিল ৩.৪৬ টকা। ২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যোৱা ছবছৰত অবকাৰী শুল্ক প্ৰতি লিটাৰ পেট্ৰ’লত ২৩.৭৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২৮.৩৭ টকা অতিৰিক্তভাৱে বৃদ্ধি কৰিছে। যোৱা ছবছৰত নৰেন্দ্ৰ মোদীৰ শাসন কালত প্ৰতি লিটাৰ পেট্ৰ’লত অবকাৰী শুল্ক বৃদ্ধিৰ হাৰ ২৫৮ শতাংশ আৰু প্ৰতি লিটাৰ ডিজেলত ৮২০ শতাংশ বুলিও জানিবলৈ দিয়ে ৰিপুন বৰাই। আন্তঃৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত পৃথিৱীৰ প্ৰায় সংখ্যক দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছে যদিও ভাৰতত পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইফালে বাঘজান তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বাঘজান শিবিৰ পৰিভ্ৰমণ সন্দৰ্ভত ৰিপুন বৰাই কয় “মুখ্যমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰী গৰাকীয়ে কেৱল মাত্ৰ এটা শিবিৰে পৰিভ্ৰমণ কৰিলে, তাত থকা অন্যান্য শিবিৰ সমূহলৈও যাব লাগিছিল মুখ্যমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰী গৰাকী”। আনহাতে ৰাজ্যত বৃদ্ধি পোৱা গণ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰিপুন বৰাই কয় “গণ আক্ৰমণ ঘটনা ৰোধ কৰিবলৈ এক কঠোৰ আইনৰ প্ৰয়োজন”। এনে ধৰণৰ ঘটনাৰ লগত জড়িত ব্যক্তি সকলক কঠোৰ শাস্তি প্ৰদান দাবীও জনাই ৰিপুন বৰাই।