সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ১৫ জুন : সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম মিঞা অসমীয়া পৰিষদে। সোমাবাৰে দক্ষিন কামৰূপৰ সোণতলীৰ ডেকাচাংস্থিত ড০ এ পি জে আব্দুল কালাম‌‌ একাডেমিত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠানৰ।

সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত একাডেমিখনৰ পৰা মুঠ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ একাডেমীখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ এই সফলতাত অতিকৈ আনন্দিত হৈ পৰিছে বিদ্যালয়খনৰ কতৃপক্ষৰ লগতে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন। এইবেলি হাই স্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়খনৰ লগতে অসম মিঞা অসমীয়া পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তিৰ মণ্ডল, কাৰ্যকৰী সভাপতি আব্দুল কাদেৰ আকন্দে ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু‌ মানপত্ৰৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়।