গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিয়ে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত চচলত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিৰ অভিযোগ যে শুনানীৰ কেন্দ্ৰসমূহ অনিয়মীয়াভাৱে বিভিন্ন ঠাইত নিৰ্বাচন কৰা হৈছে যাৰ ফলত আপত্তি হোৱা লোকসকলে শাৰীৰিক, মানসিক, আৰ্থিক আৰু নিৰাপত্তাজনিত কাৰণত হাৰাশাস্তিৰ সন্মুখীন হব লগীয়া হৈছে। সেয়েহে শুনানী কেন্দ্ৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যিকোনো ঠাইত পাতিবলৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনায়।

ইফালে অধিকাংশ আপত্তি অসম্পূৰ্ণ আৰু নিয়মবৰ্হিভূত বুলি কৈ এই নিয়ম বৰ্হিভূত, আসোঁৱাহযুক্ত ভুৱা আপত্তিসমূহ নাকচ কৰিব কৰিব লাগে আৰু এই ক্ষেত্ৰত বিহীত ব্যৱস্থা লবলৈ কতৃপক্ষৰ ওচৰত দাবী জনায় ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিয়ে ।

ইয়াৰোপৰি তেওঁলোকে আৰু উল্লেখ কৰে যে আপত্তি হোৱা ব্যক্তিলৈ প্ৰেৰণ কৰা জাননীত আপত্তিকাৰীৰ নাম বা ঠিকনা কোনোটোৱেই উল্লেখ নাই । যদি কোনো বিষয়াই আপত্তিকাৰীৰ নাম , ঠিকনা লবলৈ অস্বীকাৰ কৰে তেনেহলে বুজিব লাগিব যে আপত্তি নিস্পত্তি প্ৰক্ৰিয়াত নাগৰিক পঞ্জী কতৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি ভাবিবৰ থল আছে।

ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিয়ে আৰু কয় যে এখন বিদেশীমুক্ত অসম আৰু সকলো ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট সম্পন্ন এখন নাগৰিকপঞ্জী বিচাৰিছোঁ যত এজনো নাগৰিকৰ নাম বাদ নপৰিব। নাগৰিকপঞ্জী অদ্যৱধিকৰণৰ লগত জড়িত সকলো স্তৰৰ বিষয়া, কৰ্মচাৰীৰ ন্যায়ৰ স্বাৰ্থত নিৰপেক্ষতা দাবী কৰিছোঁ।