বাস্কা, ১১ ছেপ্টেম্বৰঃ অসমৰ বহু কিশোৰী যুৱতীক দুষ্ট চক্ৰই বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে এক ভয়ংকৰ সত্য পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ দেহ ব্যৱসায়িক চক্ৰৰ পৰা উদ্ধাৰ হৈছে বাস্কাৰ দৰংগামেলাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ প্ৰাপ্ত তথ্য মতে, প্ৰায় ছমাহ পূৰ্বে নিজৰ জেঠিমাকে কিশোৰীগৰাকীক মহাৰাষ্ট্ৰৰ কোলাহপুৰৰ দেহ ব্যৱসায়ী চক্ৰৰ হাতত ৭০ হাজাৰ টকাত বিক্ৰী কৰিছিল৷ দেহ ব্যৱসায়ী চক্ৰই কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰাইছিল। কেইবামাহ ধৰি নিৰ্যাতিতা হৈ অহা কিশোৰীগৰাকী অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীয়ে কোলাহপুৰৰ এটি ঘৰত অভিযান চলাই দেহ ব্যৱসায়ী চক্ৰৰ কৱলৰ পৰা কেবাগৰাকী যুৱতীৰ লগত উদ্ধাৰ কৰে৷ এই অভিযানত মহাৰাষ্ট্ৰ আৰক্ষীয়ে দেহ ব্যৱসায়ী চক্ৰটোত জড়িত কেবাজনক আটক কৰে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰা সকলো তথ্য লাভ কৰাৰ পিছত  এবিএমএচইউ বাক্সা জিলা সমিতিৰ সহযোগত উদ্ধাৰ হোৱা কিশোৰী গৰাকী সম্প্ৰতি অসমলৈ অনা ব্যৱস্থা কৰে। এবিএমএচইউ বাক্সা জিলা সমিতিয়ে অভিযোগ কৰা মতে, এই সম্পৰ্কে সমিতিয়ে কেবাবাৰো জিলা শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীক অৱগত কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷