ৰঙিয়া, ১১ ছেপ্টেম্বৰঃ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিনৰ মিছন চাইনা চাবলৈ গৈ ব্লেকমেইলাৰৰ সন্মুখীন হৈছে দৰ্শক। ৰঙিয়াৰ চিত্ৰলেখা চিনেমা হলত ৫০-৬০ টকাৰ টিকট ব্লেকাৰে বিক্ৰী কৰিছে ১৫০টকাৰ পৰা ৩০০ টকা পৰ্যন্ত। চিনেমাখন মুক্তি পোৱাৰ পিছতে সমগ্র অসমৰ লগতে ৰঙিয়াতো এটা টিকটৰ বাবে ঘন্টাৰ পিছত ঘন্টা শাৰী শাৰী পাতিব লগা হৈছে দৰ্শকে। ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে টিকট ব্লেকাৰে। দেওবাৰে নলবাৰীৰ ভাৰতীয় টকীজত টিকট ব্লেকাৰে অধিক দামত টিকট বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে সোমবাৰে ৰঙিয়াতো টিকট ব্লেকাৰে চিনেমাখনৰ জনপ্ৰিয়তাৰ সুযোগ লৈ অনৈতিকভাৱে ধন ঘটিছে। ৫০ পৰা ৬০ টকাৰ টিকট ব্লেকাৰে বিক্ৰী কৰিছে ১৫০ টকাৰ পৰা ৩০০ টকালৈ। দৰ্শকে ছবিগৃহৰ কৰ্মচাৰীও এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। মিছন চাইনাৰ  প্ৰযোজক আৰু স্থানীয় প্ৰশাসনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে, তাৰ বাবে আশাৰে বাট চাইছে মিছন চাইনাৰ দৰ্শকে।