হাটশিঙিমাৰী, ১১ ছেপ্টেম্বৰঃ ধুবুৰী বিএড মহাবিদ্যালয়ত নামভৰ্ত্তিৰ নামত ব্যাপক গাফিলতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰৱেশ পৰীক্ষাত শূন্য পোৱা জনৰো নাম মেধা তালিকাৰ চতুৰ্থ নম্বৰত প্ৰকাশ কৰাৰ অভিযোগ কৰিছে মহাবিদ্যালয়খনৰ মেধা ছাত্ৰই। প্ৰাপ্ত তথ্য মতে, মহাবিদ্যালয়খনত এদিন মূৰে মূৰে পৰিবৰ্তন হয় মেধাৰ তালিকা। যোৱাকালি অধ্যক্ষৰ চহী নথকা তালিকা এখন প্ৰকাশ কৰাৰ পিছত আজি আন এখন তালিকা প্ৰকাশ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষৰ বিৰুদ্ধে নামভৰ্তিৰ নামত ধনৰ লেনদেন কৰাৰো অভিযোগ কৰিছে মহাবিদ্যালয়খনৰ মেধা ছাত্ৰই। সমগ্ৰ ঘটনাক লৈ ধুবৰী বিএড মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।