মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্মা, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰীঃ  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সন্ত্ৰাস। নিশাৰ ভাগত প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক ওলাই আহি তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হয়। শুক্ৰবাৰে নিশাও মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত কথাকাষৰণী প্ৰাথমিক বিদ্যালয়ত এজাক বনৰীয়া হাতী আহি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে খাদ্য বিচাৰি বিদ্যালয়খনৰ পকী বেৰ, শ্ৰেণী কোঠা, ৰান্ধনী ঘৰ ভাঙি ব্যাপক ক্ষতি সাধন কৰে। বনৰীয়া হাতীৰ জাকটোৱে ৰান্ধনী ঘৰত শিক্ষাৰ্থী সকলৰ বাবে ৰখা প্ৰায় তিনি কুইন্টল চাউল খাই শেষ কৰে। হাতীৰ জাকটোৱে বিদ্যালয়খনৰ শ্ৰেণী কোঠা তথা ডেস্ক বেঞ্চ ভাঙি পেলোৱাৰ ফলত শিক্ষাৰ্থীসকলৰ পাঠদান কৰাত সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ জাকে প্ৰায়ে জনাঞ্চললৈ ওলাই আহি সন্ত্ৰাস চলাই আছে কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠি আহিছে।