লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া, সংবাদ ৩৬৫, ২৪ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগান দি বিজেপি চৰকাৰখনে দিছপুৰ দখল কৰিবলৈ সক্ষম হয় যদিও ৰাজ্যৰ বাট-পথৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ’ল। নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটোৱে বাট-পথ নিৰ্মানৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল।পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী ভৰত নৰহ আৰু কংগ্ৰেছৰে লাক্ষীমপুৰৰ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ বাসগৃহৰ পৰা তিনি কিলোমিটাৰ দুৰত্বত থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাৰিয়নী ৰাজগড় সংযোগি ৮ কিলোমিটাৰ দৈঘ্যৰ গড়কাপ্তানী পথটো বিগত ২০০৫ চনতে নিৰ্মান কৰা হৈছিল যদিও অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মান কৰা পথটো নিৰ্মানৰ দুই বছৰৰ ভিতৰতে পুখুৰীত পৰিণত হয়। বৰ্তমানৰ বিজেপি চৰকাৰখনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ মন্ত্ৰীত্ব লোৱাৰ পিছতে ৰাজ্যৰ সকলো পথৰ পুনৰ নিৰ্মান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি এই পথছোৱা মন্ত্ৰী তথা বিভাগীয় বিষয়াৰ দৃষ্টিগোচৰ নোহোৱাত এই পথছোৱাৰে দৈনিক যাতায়ত কৰা চৰকাৰী কৰ্মচাৰি, চাহবাগানৰ কৰ্মচাৰি তথা ছাত্ৰ-ছাত্ৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে বিভাগীয় কৰ্তৃপক্ষক পথছোৱা পুনৰ নিৰ্মানৰ বাবে কেইবাবাৰো অনুৰোধ জনোৱা হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষই পথছোৱা নিৰ্মানৰ ক্ষেত্ৰৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

নাই।