যাতায়াতৰ ক্ষেত্রত নৰক যন্ত্রনাত ভুগিছে সৰুক্ষেত্রী সমষ্টিৰ ৰাইজ : ৰাইজে নিৰ্মান কৰিলে পথ

In ৰাজ্য

বজালী, সংবাদ ৩৬৫, ১৬ জুন : ৰাজ্যৰ বাট পথৰ দুৰৱস্থাই ইতিমধ্যে উদঙাই দিছে পৰিবৰ্তন কামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ । যাৰ ফলত দৈনিক যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনা ভোগ কৰিব লগা হৈছে সৰ্ব সাধাৰণ ৰাইজে ।

অৱশেষত জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ বাবে যাতায়তৰ ক্ষেত্রত অতিষ্ঠ হৈ ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজে নিজৰ পথ নিজেই নিৰ্মানত ব্যস্ত হোৱা পৰিলক্ষিত হ’ল । সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত ৩৫ নং উত্তৰ বেতবাৰী গাওঁ পঞ্চায়তৰ অধীনৰ উত্তৰ কালজাৰ গাওঁখনৰ মাজেৰে পাৰহৈ যোৱা হাউলী নগৰ সংযোগী পথছোৱা স্বাধীনতাৰ ৭২ বছৰ পিছতো আজিলৈকে পকীকৰণ নহল ।

ইয়াৰোপৰি মেৰামতিৰ নামতো আজিলৈকে একোই নকৰি বিধায় কিম্বা কোনো পঞ্চায়ত প্ৰতিনিধিয়ে । ফলত সামান্য বৰষুণ দিলেই পথচোৱা যাতায়তৰ বাবে অসম্ভব হৈ পৰে । আনকি একাঠু বোকাৰ মাজৰে যাতায়ত কৰিব লাগে ৰাইজে । ফলত গাওঁখনৰ ৰাইজে নিজৰ পথ নিজে নিৰ্মান কৰাত নামি পৰা পৰিলক্ষিত হৈছে । লগতে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিক পশু খেদা দিয়াৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।

Comments

comments

You may also read!

মহানগৰীৰ মাজিৰিগাওঁত বানাক্ৰান্তৰ পথ অৱৰোধ : উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষী, চিআৰপিএফ, বীৰাংগনাৰ দল মোটেয়ন

পলাশবাৰী, সংবাদ ৩৬৫, ১৮ জুলাই : এইবাৰ বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ । মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওঁত বানাক্ৰান্ত

Read More...

বাঢ়নী পানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘে জিৰণি ল’লেগৈ মানুহৰ ঘৰত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : ৰাজ্যৰ চাৰিওফালে বানৰ বিভীষিকাময় পৰিস্থিতি । বানৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যানসমূহো । পানীৰ

Read More...

প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত জু ৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত : “তদন্ত চলি আছে , আমি দোষী নহয়” – প্ৰাণময় ৰাজগুৰু

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰা হ'ল জু ৰোড বিস্ফোৰণৰ বিচাৰ

Read More...

Mobile Sliding Menu