নিউজ ডেস্ক, সংবাদ ৩৭৫, ১৭ জুন : ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বানত সমগ্ৰ ৰাষ্ট্ৰজুৰি আজি চলিছে চিকিৎসকৰ ধৰ্মঘট । ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বানত অসমতো চলিছে চিকিৎসকৰ ধর্মঘট কাৰ্যসূচী।

উল্লেখযোগ্য যে কলকাতাৰ নীলৰতন চৰকাৰ মেডিকেল কলেজত এজন চিকিৎসকক ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষ জুৰি সোমবাৰৰ পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈকে চলিব চিকিৎসকসকলৰ ধর্মঘট। ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাই এক বিবৃত্তিৰ জৰিয়তে সকলো চিকিৎসকলৈ এই আহ্বান জনাইছে । লগতে চিকিৎসকক প্ৰহাৰকাৰীৰ দোষীক উচিত শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে স্বাস্থ্য কর্মীসকলৰ ওপৰত হৈ থকা নিগ্ৰহৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈও সজোৰে দাবী জনাইছে।

ইয়াৰ সমান্তৰালকৈ অসম চিকিৎসা সন্থাইও আজি দুইঘণ্টাৰ অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে।

ইফালে গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়েও চিকিৎসালয়তে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱতীক কৰা যৌন নিৰ্যাতনৰ বাবে চিকিৎসা মহাবিদ্যালয় সন্থাই এসপ্তাহজুৰি ৰাতি ৮ বজাৰ পৰা ৰাতিপুৱা ৮ বজালৈকে ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰি আছে। যেতিয়ালৈকে স্থায়ী চিকিউৰ’টি গাৰ্ডৰ ব্যৱস্থা নহয় তেতিয়ালৈকে এই ধৰ্মঘট কাৰ্যসূচী চলি থাকিব বুলি সন্থাৰ ডঃ পল্লৱ জ্যোতি প্ৰধান আৰু ডঃ মূৰ্ছিদ আহমেদে এক বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিয়ে । এই ধৰ্মঘট কাৰ্যসূচীৰ ফলত যিবিলাক অস্ত্ৰোপচাৰ আছিল সকলো বাতিল কৰা হৈছে , আৰু নতুনকৈ কোনো ৰোগী ভৰ্তি হোৱা নাই।

সাংবাদিকৰ নিগ্ৰহৰ কিছু পৰিমাণে কমাৰ পাছতেই এতিয়া নিগ্ৰহৰ বলি হৈছে স্বাস্থ্য কৰ্মীসকলো । মুঠৰ ওপৰত ঘটনা য’তেই নহওঁক কিয় কলকাতা, অসম তথা সমগ্ৰ ভাৰতবৰ্ষজুৰি এতিয়া সুৰক্ষিত নহয় চিকিৎসক সকল, স্বাস্থ্য কর্মীসকল । সাংবাদিকৰ ধৰ্মঘটৰ পাছত এইবাৰ স্বাস্থ্যকর্মীসকলৰ ধর্মঘট । কিয় এনেদৰে বাৰে বাৰে সমাজৰ লগত অহৰহ ওতঃপ্ৰোতভাৱে জড়িত কৰ্মীসকল নিগ্ৰহৰ সন্মুখীন হৈ আছে , বাৰে বাৰে প্ৰতিবাদ কৰি আহিব লগা হৈছে । যিটো সময়ত একাংশ সমাজৰ কামত নিয়োজিত কৰ্মীকে চৰকাৰে সুৰক্ষা দিব পৰা নাই তেনেস্থলত সাধাৰণ নাগৰিকে সুৰক্ষা অনুভৱ কৰিব কেনেকৈ। সকলোৰে বিকাশৰ কথা কোৱা চৰকাৰে পাৰিব নে সুৰক্ষা দিব সাংবাদিক কিম্বা চিকিৎসকসকলক । এই সুৰক্ষা কেৱল মাত্ৰ স্বাস্থ্য কর্মী কিম্বা সংবাদকৰ্মীৰ বাবেই নহয় এই সুৰক্ষা সাধাৰণ জনতাৰ বাবেও।