যোৰহাট, সংবাদ ৩৬৫, ১২ মে’ : ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যোৰহাট জিলাৰ জিলা দণ্ডাধীশে এক আদেশযোগে ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান নিৰ্দেশনা জাৰি কৰিছে। জিলাখনত প্ৰতিজন ব্যক্তি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

জিলা দণ্ডাধীশৰ আদেশ অনুসৰি যোৰহাট জিলাত ৰাজপথ, চিকিৎসালয়, কার্যলায়, বজাৰ আদি সকলো স্থানতে ৰাইজ থ্ৰী-প্লাই মাস্ক নতুবা নতুন কাপোৰৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ৰাইজে দুই তৰপীয়া গামোচা অথবা বোৱা কাপোৰৰ মাস্ক পৰিধান কৰিব পাৰিব। কৰ্মচাৰী সকলে কার্যলায়ত আৰু একেলগে কেইবা গৰাকী লোক গোট খালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। জিলাখনত সকলো চৰকাৰী অথবা বেচৰকাৰী বাহনত ৰাইজে মাস্ক পৰিধান কৰি যাতায়ত কৰিব লাগিব। এজন ব্যক্তিয়ে ব্যৱহাৰ কৰা মাস্ক অন্য এজনে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু এটা মাস্ক এবাৰহে ব্যৱহাৰ কৰিব পাৰিব। কভিড-১৯ কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্রত লবলগীয়া নিয়ম অনুসৰি ব্যৱহাৰ কৰা মাস্ক ভালকৈ গৰম পানী আৰু চাবোনেৰে ধুই ৰদত শুকোৱাই ব্যৱহাৰ কৰিব লাগিব।

আনহাতে, কার্যলায় সমূহৰ মূৰব্বীয়ে নিজ নিজ কার্যলায়ৰ কৰ্মচাৰী সকল মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰাৰ নির্দেশ দিছে জিলা দণ্ডাধীশে। জিলাখনত মাস্ক পৰিধান নকৰিলে ৫০০ ৰ পৰা ১০০০ টকা জৰিমনা ভৰিব লাগিব আৰু এই আদেশ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ’ব।