লংকা, ২২ এপ্ৰিলঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বনজ সম্পদ সংৰক্ষণৰ বাবে ন-ন ব্যবস্থা হাতত লোৱাৰ সময়তে একাংশ বনমাফিয়াই মুকলি ভাবে চলাই গৈছে অবাধ বন ধ্বংস-যজ্ঞ৷ হোজাই জিলাৰ লংকাৰ কাকীৰ ২/৩ নং পাঠৰিত জীৱন দাস নামৰ এজন লোকে নিজৰ আত্মীয়ৰ ঘৰৰ পিছফালে অবৈধ ভাৱে কাঠফলা মিল স্থাপন কৰি চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায়৷ কাষৰীয়া লামডিং,নখুটি বনাঞ্চলৰ পৰা মূল্যবান গছ কাটি তহিলং কৰি ঘোঁৰা গাড়ীৰে গছৰ কুণ্ডা সৰবৰাহ কৰি আনে উক্ত কাঠফলা মিলটোলৈ৷ অবৈধ কাঠফলা মিলৰ ফটো তথা বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো বন মাফিয়া জীৱন দাসে বাতৰি প্ৰকাশ নকৰিবলৈ ভাবুকি দিয়াৰ লগতে কেমেৰা ভাঙিবলৈ চেষ্টা কৰে ৷ প্ৰশ্ন হয়,বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম সক্ষম হ’ব নে বনাঞ্চলসমূহত সংঘটিত অবৈধ  বন ধ্বংস-যজ্ঞ ৰোধ কৰিবলৈ৷ বনাঞ্চলত সংঘটিত ধ্বংস-যজ্ঞ বন্ধ কৰিবলৈ বনমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষনীয়৷