গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : দেশজুৰি লকডাউন অব্যাহত থকাৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নত থকা জিলাসমূহৰ গ্ৰামাঞ্চলত থকা দোকান সমূহ মঙলবাৰৰ পৰা খুলিব পাৰিব যদিও ৰে’ড জ’নত থকা জিলাসমূহত বৰ্তমানৰ দৰে বাহাল থাকিব লকডাউনৰ নীতি-নিৰ্দেশনা।

সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকা কৰ’ণা ভাইৰাছ যাতে ভাৰতত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে। লকডাউনৰ এই সময়তচোৱাত দেশৰ অৰ্থনীতিৰ।পৰা আৰম্ভ কৰি জনসাধাৰণৰ জীৱনযাত্ৰা সকলো প্ৰভাৱিত হৈছে। লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যা সমূহৰ পৰা কিছু সকাহ পাবলৈ কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশা মৰ্মে সোমবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে এক কেবিনেট বৈঠকৰ। বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী সাংবাদিক বৈঠকৰ সিদ্ধান্ত সমূহ ঘোষণা কৰি কয় যে ৰাজ্যত থকা গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নৰ জিলাসমূহৰ গ্ৰামাঞ্চলত থকা দোকান সমূহ মঙলবাৰৰ পৰা খুলিব পাৰিব যদিও ৰে’ড জ’নৰ জিলাসমূহত বৰ্তমানৰ দৰে বাহাল থাকিব লকডাউনৰ নীতি-নিৰ্দেশনা। গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নৰ জিলাসমূহৰ গ্ৰামাঞ্চলত থকা দোকান সমূহ খুলিব পৰিলেও গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নৰ জিলাসমূহৰ বজাৰ-হাট খুলিব নোৱাৰিব। আনহাতে, ৰে’ড জ’নত বৰ্তমান সময়ৰ দৰে লকডাউন অব্যাহত থাকিব। ৰে’ড জ’ন জিলা সমূৰ লগত লাগি থকা গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নৰ জিলাসমূহৰ ৫ কিলোমিটাৰ অঞ্চল সমূহতো লকডাউন অব্যাহত থাকিব। ৰে’ড জ’নত থকা ৰাজ্যৰ ৫খন জিলা ক্ৰমে নলবাৰী, গোলাঘাট, মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰাত দোকান-বজাৰ খুলিব নোৱাৰিব।

সমগ্ৰ ৰাজ্যতে সকলো ছবিগৃহ, হোটেল, ৰেষ্টুৰেণ্ট, শ্বপিং মল, আদিৰ লগতে সকলো শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৩ মে’ৰ পিছৰ লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰে নিজাকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে, কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্ত মানি চলিব ৰাজ্য চৰকাৰে।