গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিল: ৰাজ্যত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। বঙাইগাঁও জিলাৰ শালমাৰাৰ এগৰাকী ১৬ বছৰীয়ে কিশোৰী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মাৰাত্মক কৰ’ণা ভাইৰাছে এক সংহাৰীৰূপ ধাৰণ কৰিছে। উৎকৃষ্ট সাৱধানতা অৱলম্বন কৰাৰ বাবেই অসম কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ পৰা অন্য ৰাজ্যৰ তুলনাত কিছু হাত সাৰি আছিল যদিও অসমত কৰ’ণা ভাইৰাছৰ আক্ৰান্ত প্ৰথমজন লোকৰ কথা ৩১ ডিচেম্বৰত পোহৰলৈ আহিছিল। ইয়াৰ পিছতে এক নিৰ্দিষ্ট গতিত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছিল যদিও স্বাস্থ্যমন্ত্ৰীৰ তৎপৰতা আৰু উচিত চিকিৎসাৰ বাবে মুঠ ৩৬ জন আক্ৰান্ত লোকৰ পৰা ২৭ জনক সুস্থ কৰি তোলা হৈছিল। কিন্তু ইয়াৰ পিছতে মঙলবাৰে বঙাইগাঁও জিলাৰ শালমাৰাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দেহত সন্ধান পোৱা গৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ।

উল্লেখনীয় যে কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ১৬ বছৰীয়া কিশোৰী গৰাকী পূৰ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা চাপৰৰ জামালুদ্দিন নামৰ লোকজনৰ নাতিনী বুলি জানিব পৰা গৈছে।