বৰপেটা, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : লক ডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূতৰ ওপৰত দানব পৰা দি পৰিছে গৰাখহনীয়াই। বিশেষকৈ বৰপেটা জিলাৰ নৈপৰীয়া ৰাইজ এফালে তলাবন্ধৰ ফলত খাদ্যৰ বাবে সংগ্রাম কৰি থকাৰ মাজতে নৈপৰীয়া ৰাইজৰ বাবে অধিক সংকট কঢ়িয়াই আনিছে গৰাখহনীয়াই।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ নৈপৰীয়া ৰাইজৰ অধিক সংকটত পেলাইছে গৰাখহনীয়াই। তলাবন্ধৰ ফলত প্ৰতিদিনে দুবেলা দুমুঠি খদ্যাৰ বাবে সমগ্ৰ কৰিবলগীয়া হোৱা নৈপৰীয়া ৰাইজ গৰাখহনীয়াৰ বাবে হেৰুৱাব লগীয়া হৈছে তেওঁলোকৰে বাসস্থানৰ লগতে বিঘাই বিঘাই কৃষিভূমি। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চৰ খাৰবাল্লী গাঁৱত বেকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কাল সন্ধিয়া নমাই আনিছে ৰাইজৰ মাজত। এফালে লক ডাউনৰ ফলত দেখা দিয়া খাদ্য সংকটৰ ফলত পেটত গামোচা বান্ধিছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক সকলে আৰু আনফালে বেকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত প্ৰতিদিনে অঞ্চলটোৰ বিঘাই বিঘা কৃষিভূমিৰ লগতে মামূহৰ বাসগৃহ জাহ গৈছে নদীৰ বুকুত। খদ্যা সংকট আৰু বেকী নদীৰ গৰাখহনীয়াৰ তাণ্ডৱত এতিয়া চৰ খাৰবাল্লী গাঁৱৰ চৌদিশে কেৱল কান্দোনৰ ৰোল।

নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি গাঁওখনত ভিৰ কৰা নেতা সকলক সংকটৰ এই সময়ত গাঁওবাসীৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। গাঁওখনত বসবাস কৰা ২৭১ টা পৰিয়ালৰ মাজত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ড নথকাৰ ফলত পৰিয়াল কেইটা বঞ্চিত হৈছে বিনামূলীয়া চাউলৰ পৰা। গাঁওবাসীয়ে সংকটৰ এই সময়ত পৰিয়াল কেইটাক বিনামূলীয়া চাউল যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।