শিৱসাগৰ জিলাৰ গৰাখহনীয়া হোৱা স্থান পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

In ৰাজ্য
Umra Package

শিৱসাগৰ 

১৫ জুন

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইবিলৰ মথাউৰিত দিহিং নৈৰ আৰু কোঁৱৰগাঁৱৰ মথাউৰিত দিচাং নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংমুখ অঞ্চলৰ অফলাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে বান তথা গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰো বুজ লয়।

মন্ত্ৰী গৰাকীয়ে প্ৰয়োজন সাপেক্ষে অধিক শ্ৰমিক নিয়োগ কৰি খহনীয়া প্ৰতিৰোধী কাম খৰতকীয় কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ কামৰ গুণগত মানদণ্ড বজাই ৰখাৰ লগতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।কোঁৱৰগাঁৱৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে জলসম্পদ আৰু জলসিঞ্চন বিভাগে আলোচনা মৰ্মে মথাউৰিৰ কাষৰ পৰা দিচাং নৈত থকা জলসিঞ্চন বিভাগৰ বার্জ টো নিৰাপদ স্থানত আঁতৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। অফলাৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰয়োজন সাপেক্ষে অধিক জিঅ’ বেগ ব্যৱহাৰ কৰিবলৈ কয়।

জিলাখনৰ যিবোৰ স্থান অধিকভাৱে খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষিপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোত যাতে বানপানীয়ে অধিক ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবেও উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ লগতে বিভাগীয় আন বিষয়াসকল উপস্থিত থাকে।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu