আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৩ অক্টোবৰ

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ২৭ লাখ টকাৰ বৃহৎ কেলেংকাৰী৷ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ দুই পৰিসংখ্যা বিভাগৰ পৰিদৰ্শকৰ অনুসন্ধান আৰম্ভ।

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী। যান বাহনৰ কৰ কাটলৰ বাবদ সংগৃহীত বৃহৎ পৰিমাণৰ ধন কোষাগাৰত জমা নিদি আত্মসাৎ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ বিগত ২০১৯ বৰ্ষৰ ৭ ডিচেম্বৰ আৰু ৩০ ডিচেম্বৰত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভদ ৬ টা মাহৰ অন্তত পৰিবহণ আয়ুক্তই নিলম্বন কৰিছে শিৱসাগৰ পৰিবহণ বিভাগৰ মনদ্বীপ মল্লিক নামৰ এজন গাণনিকক৷ কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে কিন্তু নতুনকৈ যোগদান কৰা মনদ্বীপ মল্লিক নামৰ নিলম্বিত কৰ্মচাৰীজনক বলিৰ পঠা সজাইছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷ এই বৃহৎ কেলেংকাৰীৰ সৈতে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই কেলেংকাৰীৰ তদন্তৰ বাবে কাৰ্য্যালয়টোত উপস্থিত হৈছেহি দুজনীয়া অনুসন্ধানকাৰীৰ দল ৷

গুৱাহাটীস্থিত ৰাজ্যৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ পৰিসংখ্যা বিভাগৰ পৰিদৰ্শক অৱনি কলিতাৰ নেতৃত্বত অহা দলটোৱে সোমবৰ পুৱাৰে পৰা কাৰ্যালয়টোৰ সকলোধৰণৰ নথি তন্ন তন্নকৈ পৰীক্ষা কৰিছে৷