অলি উল্লাহ খান

লাহৰীঘাটৰ

১৩ অক্টোবৰ

খাদ্য বিচাৰি এজাক শিশু বহিল প্ৰতিবাদ। মৰিগাঁও জিলাৰ লাহৰীঘাটত অংগনবাদী কেন্দ্ৰৰ নামত চলিছে ব্যাপক লুণ্ঠন। শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে অংগনবাদী কৰ্মীয়ে। ন্যায় বিচাৰি বৰালিমাৰীত অংগনবাদী কেন্দ্ৰৰ সন্মুখতে শিশু মহিলাৰ উত্তাল প্ৰতিবাদ।

আমাক খাদ্য লাগে, আমাক খাদ্য লাগে, খাদ্য বিচাৰি এজাক শিশুৰ ধ্বনিৰে উত্তাল হৈ পৰিল মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰালিমাৰী অংগনবাদী কেন্দ্ৰৰ সন্মুখ ভাগ।বিগত ন মাহ ধৰি বৰালিমাৰী অংগনবাদী কেন্দ্ৰটোৰ কৰ্মীয়ে শিশু-গৰ্ভৱতী মাতৃৰ নামত আৱণ্টিত হোৱা খাদ্য সামগ্ৰী আত্মসাৎ কৰা অভিযোগ উত্থাপন কৰি এজাক শিশুসহ প্ৰতিবাদত বহিল শতাধিক মহিলা। প্ৰতিবাদকাৰী মহিলা সকলৰ অভিযোগ অনুসৰি বৰালিমাৰী অংগনবাদী কেন্দ্ৰৰ কৰ্মী ছাজিদা চুলতানা লক ডাউন আৰম্ভ হোৱাৰ তিনি মাহ পূৰ্বৰ পৰাই অংগনবাদী কেন্দ্ৰটোলৈ অহা নাই। মাজে সময় ছাজিদা চুলতানাৰ স্বামী লুটফুৰ ৰহমান কেন্দ্ৰটোলৈ আহি যদিও কেন্দ্ৰটোৰ কৰ্মী আৰু সহকর্মী গৰাকীৰ ছাঁটোকে বিগত ন মাহ ধৰি দেখা নাই অঞ্চলটোৰ মহিলা সকলে।

প্ৰতিবাদকাৰী মহিলা সকলে লগতে অভিযোগ উত্থাপন কৰে যে অংগনবাদী কেন্দ্ৰটোৰ কর্মী আৰু সহকর্মী গৰাকীয়ে শিশু-গৰ্ভৱতী মাতৃৰ নামত আৱণ্টিত হোৱা খাদ্য সামগ্ৰী আত্মসাৎ কৰি অহা ফলত অঞ্চলটোৰ শিশু আৰু মহিলা সকলক তেওঁলোৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাদী কেন্দ্ৰ সমূহে চুপাৰ ভাইজাৰক মেনেজ কৰি অংগনবাদী কেন্দ্ৰৰ নামত কেৱল লুণ্ঠন ৰাজ চলাই থকাৰো অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে।