আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১৩ অক্টোবৰ

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ উদাহৰণৰ ছবি অলেখ আছে যদিও এখন বিশেষ স্বাস্থ্যকেন্দ্ৰই প্ৰকৃততে দাঙি ধৰিব পাৰি স্বাস্থ্য বিভাগৰ উন্নয়নৰ প্ৰকৃত ছবি। এই বিশেষ স্বাস্থ্যকেন্দ্ৰটোৰ বিশেষত্ব নিজ চকুৰে প্ৰত্যক্ষ নকৰিলে স্বাস্থ্য বিভাগৰ উন্নয়নৰ বিষয়ে অনুমান কৰাটো অসম্ভৱ।

ধুবুৰী জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আইকাটা বজাৰত অৱস্থিত আইৰকাটা বজাৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্যখন ৰাজ্যৰ ভিতৰতে এখন বিশেষ স্বাস্থ্যকেন্দ্ৰ। ২০১৭ চনৰ পৰাই এই স্বাস্থ্য কেন্দ্ৰখনৰ আছে পানীৰ তলত। ২০১৭ চনৰ প্ৰলয়ংকাৰী বানপানীতে এই স্বাস্থ্যকেন্দ্ৰখন ডুব গৈছিল পানীৰ তলত আৰু তেতিয়াৰে পৰা বিগত তিনি বছৰ ধৰি পানীৰ বানৰ পানীৰ তলতে ডুব গৈ আছে এই স্বাস্থ্যকেন্দ্ৰখন।

বিগত তিনি বছৰ ধৰি পানীৰ তলতে জহিখহি যাবলৈ ধৰিছে কেইবালাখ টকাৰে নিৰ্মাণ কৰা আইৰকাটা বজাৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখন। স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফটা ঢোল বজাই থকা চৰকাৰখনে কিন্তু এই স্বাস্থ্যকেন্দ্ৰখন পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ নকৰিলে কোন ধৰণৰ পদক্ষেপ। সম্পূৰ্ণ অচল অৱস্থাত থকা এই স্বাস্থ্যকেন্দ্ৰখনৰ ওপৰতে নিৰ্ভৰশীল ধুবুৰী, দক্ষিণ শালামাৰা আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সীমান্তৰৰ বৃহৎ সংখ্যক লোক।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হোৱা ৰাইজে বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক আইৰকাটা বজাৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখন ৰাইজৰ সুবিধাৰ্থে পুনৰ নিৰ্মাণ কৰাৰ দাবী জনায় আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী, উপ-সভাপতি শাহীন জাবেদ আহমেদ আৰু স্থানীয় বিশিষ্ট শিক্ষাবিদ মিৰ আব্দুল আৱালে স্বাস্থ্যকেন্দ্ৰখন পৰিদৰ্শন কৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে কয় যে চৰকাৰ, প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলৰ চৰম অবেহেলা আৰু গাফিলাতিৰ ফলতে বৃহৎ আইৰকাটা অঞ্চলবাসী ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ভীষণ অসুবিধা সম্মুখীন হ’বলগীয়া হৈছে। অতি সোনকালে স্বাস্থ্যকেন্দ্ৰখন পুনৰ নিৰ্মাণ কৰি ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ প্ৰধানীয়ে দাবী জনায়।