শুৱালকুছিৰ খহনীয়া হোৱা স্থান পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী

৮ জুন

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ শুৱালকুছিত উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন স্থানৰ মথাউৰি আৰু খহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে শুৱালকুছিৰ বালিচক, শ্রীহাটী, কেওটপাৰা, বাথান, উত্তৰ গুৱাহাটীৰ আনন্দ নগৰ আদি অঞ্চলৰ মথাউৰি আৰু খহনীয়াৰ স্থান পৰিদৰ্শন কৰে।

মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰা অঞ্চল সমূহৰ বান তথা গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰো বুজ লয়। অঞ্চলটোৰ যিবোৰ স্থান অধিকভাৱে খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষিপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রী হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মন্ত্ৰী হাজৰীকাই গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত চলি থকা অন্যান্য আঁচনি সমূহ অধিক ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোত যাতে বানপানীয়ে অধিক ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবেও উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

You may also read!

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিদ্যুতপৃষ্ট হৈ এজন কৰ্মচাৰীৰ মৃত্যু

জোনমণি বেগম বিশ্বনাথ ১৯ জুন বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত সংঘটিত হৈছে অঘটন। পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ

Read More...

পথৰ ওপৰত অভিনৱ প্ৰতিবাদ ৰাইজৰ : ধৰিলে মাছ, ৰুলে কঠিয়া

জোনমণি বেগম বিশ্বনাথ ১৮ জুন হঠাৎ বিশ্বনাথত উঠিল মাছৰ উজান৷ হাতত জাল, জুলুকি, চেপাঁ লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ৷ কিন্তু

Read More...

নাগশংকৰ মন্দিৰৰ কাছ সমুহক যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ খাদ্য যোগান

জোনমণি বেগম বিশ্বনাথ ১৭ জুন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত থকা কাছ সমুহক কিছু পৰিমাণে

Read More...

Mobile Sliding Menu