কলগাছিয়া, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : অসম চৰকাৰে সাংবাদিকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আব্দুল হায়ে ।

শেহতীয়াকৈ যোৰহাট জিলাৰ সাংবাদিক ৰাজীৱ বৰা, মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়া জিলাৰ সাংবাদিক উপসনা গোস্বামীক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সন্হাৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যখনত সাংবাদিকক আক্ৰমণ কৰা ঘটনা নতুন নহয়। প্ৰতিখন চৰকাৰৰ দিনতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক সকল আক্ৰমণৰ বলি হৈ আহিছে। কি কংগ্ৰেছ, কি বিজেপি, কি অসম গণ পৰিষদ প্ৰতিটো চৰকাৰেই যেন সাংবাদিক সকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে । এইক্ষেত্ৰত অনাগত দিনত ৰাজ্য চৰকাৰে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰিলে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত ৰাজ্যব্যাপি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে।

ইফালে যোৰহাট, মুকালমুৱা আৰু তিনিচুকীয়া জিলাত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বিভিন্ন দল-সংগঠনে তীব্ৰ নিন্দা প্ৰকাশ কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাইছে।