তিতাবৰ, সংবাদ ৩৬৫, ৩ মে : ৰাজ্যত সঘনাই সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তিতাবৰত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি সাংবাদিক সকল আক্ৰমণৰ বলি হব লগা হৈছে। সাংবাদিকৰ এই আক্ৰমণৰ ঘটনা অতি নিন্দনীয়। এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য নিশ্চয়কৈ আছে। অৱশ্যে এনে ঘটনাৰ দায়িত্ব চৰকাৰে লব লাগে আৰু লৈছেও।

গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমা সমিতিৰ আহ্বানত তিতাবৰ ষ্টেচন তিনি আলিত ৰূপায়ন কৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত হৈ সাংবাদিক সকলৰ খবৰ লোৱাৰ পাছতে ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকলৰ এই দাবী ন্যায্যপ্ৰাপ্তিৰ বাবেই বুলি উল্লেখ কৰাৰ লগতে ন্যায্যপ্ৰাপ্তিৰ বাবে সাংবাদিক সকলে আন্দোলনৰ পথ বাছি লোৱা কাৰ্য্য অতি দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে।

লক্ষণীয় যে ৰাজ্যত সংঘটিত হৈ অহা সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰাজ্যৰ সৰ্বস্তৰত জনতাই কঠোৰ ভাষাৰে নিন্দা দিয়াৰ সময়তে আজি তিতাবৰত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

এই কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, চাহ জনজাতি ছাত্ৰ সন্থা, তিতাবৰ প্ৰেছ ক্লাব ঢুলীয়া শিল্পী জন্মিলন আদি জাতীয় জনগোষ্ঠীয় সংগঠনৰ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৃন্দৰ লগতে তিতাবৰৰ জেষ্ঠ নাগৰিক আৰু সচেতন মহলৰ বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰি চৰকাৰক সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে।

প্ৰতিবাদ স্থলীৰ পৰাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি সৃষ্টি হোৱা এনে ভাবুকিক প্ৰতিহত কৰি ৰাজ্য চৰকাৰ খনে এক সুস্থ সবল পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰ খনৰ চূড়ান্ত দুৰ্বলতাৰ বাবেই এনে কাৰ্য্য সঘনাই সংঘটিত হৈ অহাৰ বুলি উল্লেখ কৰি সাংবাদিকৰ সমস্যা সম্পৰ্কত বহুকেইজন জেষ্ঠ ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি ৰাজেন শৰ্মা তামুলী, সমাজকৰ্মী কেশৱ মহন্ত, শিক্ষাবিদ দিব্যকমল মজিন্দাৰ, আটচাৰ সহকাৰী সম্পাদক ধীৰাজ গুৱালা, আছুৰ নেতা দিগন্ত বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰমোদ গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ চিৰঞ্জীত গগৈ, যুৱ ছাত্ৰ পৰিষদৰ ৰাজীৱ শৰ্মা, গ্ৰাম্য সাংবাদিক সন্থাৰ উপদেষ্টা চাওঁ দেৱেন্দ্ৰ চৰণ বৰবৰুৱা, যুৱ ছাত্ৰ পৰিষদৰ অসীম শইকীয়া আদিকে ধৰি বহুকেইজন বক্তাই ভাষণ প্ৰদান কৰি সাংবাদিক নিগ্ৰহৰ ঘটনাক একেমুখে ধিক্কাৰ দিয়াৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰিব পৰাকৈ ৰাজ্যত সাংবাদিকৰ স্বাৰ্থত নতুন আইন প্ৰণয়নৰো দাবী উত্থাপন কৰে।