হাতীৰ দাঁতসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

In ৰাজ্য
Umra Package

বাক্সা
৭ ছেপ্টেম্বৰ

বাক্সাৰ শিমলাৰ হাপাচাৰাৰ কৰেবাৰীত আৰক্ষী আৰু বন বিভাগৰ অভিযান। অভিযানত দুটা হাতীৰ দাঁত, এটা হৰিণাৰ সিং, এটা হস্তনিৰ্মিত বন্দুক আৰু গুলীসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ।

বাক্সা জিলাৰ শিমলাৰ হাপাচাৰাৰ কৰেবাৰীত আৰক্ষী আৰু বন বিভাগে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দুটা হাতীৰ দাঁত, এটা হৰিণাৰ সিং, এটা হস্তনিৰ্মিত বন্দুক আৰু গুলীসহ তিনি চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।শিমলা আৰক্ষী খানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰে। ধৃত চোৰাং চিকাৰী তিনিজন হৈছে ক্ৰমে লংকেশ্বৰ বসুমতাৰী, বিনোদ বসুমতাৰী আৰু মদন গয়াৰী। চোৰাং চিকাৰী তিনি জনে প্ৰায় দুসপ্তাহ পূৰ্বে বাটাবাৰী ৰেঞ্জৰ অধীনৰ জামগুৰী বনাঞ্চলত এটা বনৰীয়া দঁতাল হাতী হত্যা কৰি দাঁত লৈ উধাও হৈছিল। বনৰীয়া হাতীৰ দাঁত দুটা বিক্ৰী কৰাৰ উদ্দেশ্যে এজন চোৰাং চিকাৰীৰ ঘৰত ৰাখি থৱো অৱস্থাতে বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে। বনৰীয়া হাতীৰ দাঁতৰ লগতে অভিযানকাৰী দলটোৱে চোৰাং চিকাৰী জনৰ ঘৰৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, হৰিণাৰ সিং আৰু গুলী উদ্ধাৰ কৰে।উল্লেখ্য যে পূৰ্বেও ধৃত এই তিনি চোৰাং চিকাৰী বন্যপ্ৰাণী নিধনৰ লগত জড়িত থকাৰ সংন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে চোৰাং চিকাৰী তিনি জনে বনৰীয়া হাতী হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে যদিও অধিক তথ্যৰ বাবে তিনি চোৰাং চিকাৰীক শিমলা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu