গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিল: উত্তৰ পূৱৰ অসমত ২৯ জনলৈ বৃদ্ধি পালে মাৰাত্মক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত পুনৰ আন এজন লোকৰ দেহত মাৰাত্মক কৰণা ভাইৰাছৰ সন্ধান পোৱা বুলি সামাজিক মাধ্যম যোগে সদৰী কৰে।

বিশ্বৰ প্ৰায় সকলো দেশতে বৰ্তমান সময়ত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস বিৰাজমান।বিগত দিনত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াবহভাবে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। অসম কৰ’ণা ভাইৰাছৰ সন্দৰ্ভত অলেখ সাৱসাধনতা অৱলম্বন কৰি কিছু হাত সাৰি আছিল যদিও ৩১ মাৰ্চত কৰিমগঞ্জ জিলাত অসমৰ প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ কথা পোহৰলৈ আহিছিল। ইয়াৰ পিছতে ৰাজ্যত প্ৰতিদিনে কৰ’ণাৰ সন্মুখীন হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহলৈকে ৰাজ্যত মাৰাত্মক কৰ’ণাৰ কবলত পৰা লোকৰ সংখ্যা আছিল ২৮ জন।ইয়াৰ পিছতে পুনৰ বৃহস্পতিবাৰে ধুবুৰী জিলাত এগৰাকী ব্যক্তিৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান পোৱা গৈছে।

উল্লেখ্য যে, দিল্লীৰ নিজামুদ্দিন মাৰ্কজত অংশগ্ৰহ কৰা কৰিমগঞ্জ জিলাৰ জামালুদ্দিন নামৰ এজন লোকজন আছিল ৰাজ্যৰ প্ৰথমজন কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত ব্যক্তি। ৰাজ্যত মাৰাত্মক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত সংখ্যা ২৯ লৈ বৃদ্ধি কৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামাৰ বাসিন্দা ৰহিম উদ্দিনৰ দিল্লীৰ নিজামুদ্দিন মাৰ্কজত অংশগ্ৰহ কৰা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল। আক্রান্ত ৰহিম উদ্দিনক বৰকান্দা হাইস্কুলত কোৱাৰাণ্টাইন কৰি ৰখা হৈছিল আৰু তেওঁৰ তেজৰ নমুনাৰ পৰীক্ষাৰ পিছত ব্যক্তিজন কৰ’ণা ভাইৰাছত আক্রান্ত বুলি স্পষ্ট হয়।