নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ জুলাই : ৰাজ্যত আকৌ ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা । ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে পুনৰ আহিব পাৰে বৰষুণ । আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটী আৰু দাতিকাষৰীয়া ঠাইসমুহৰ লগতে অসমৰ বিভিন্ন ঠাই আৰু মেঘালয়,অৰুণাচল,নাগালেণ্ড,মণিপুৰ,মিজোৰাম,ত্ৰিপুৰাত আগন্তুক ৫ দিনলৈ হ’ব পাৰে ধাৰাষাৰ বৰষুণ । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

অসমবাসী বানাক্ৰান্ত ৰাইজে বানৰ কৱলৰ পৰা কিছু সকাহ লৈ বান শিৱিৰৰ পৰা ঘৰমুৱা হৈছিল কিন্তু যদিহে পুনৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ আহে তেনেহ’লে ৰাজ্যত পুনৰ ভয়াৱহ হ’ব পাৰে বান পৰিস্থিতি । ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ হোৱাৰ সম্ভাৱণা আছে এই বৰষুণ ।