গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাই : যোৱা ৪টা দশক জুৰি এক সুস্থ চলচ্চিত্ৰ নীতিৰ বাবে প্ৰস্তাৱ আগবঢ়াই অহা অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ প্ৰস্তাৱত অৱশেষত সোণোৱাল কেবিনেটে অনুমোদন জনাল চলচ্চিত্ৰ নীতিত । সেয়ে বুধবাৰে নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি সোণোৱাল কেবিনেটক কৃতজ্ঞতা জ্ঞাপন কৰে চলচ্চিত্ৰ সমাজে।

উক্ত সংবাদমেলত পৰিচালক ৰাজেশ ভূঞাই কয় “বিজু ফুকন, আব্দুল মজিদ, মুনিন বৰুৱাৰ সপোন পূৰণ হৈছে। এই নীতিৰ জৰিয়তে ভৱিষ্যত পৰিকল্পনা সু নিশ্চিত কৰিছে। ৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলিব। ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত প্ৰদৰ্শন কৰিব পাৰিব।

উল্লেখযোগ্য যে কলা কুশলী আৰু চিকিৎসাৰ ক্ষেত্ৰত ২ লাখ টকাৰ জীৱন বীমাৰ কথা উল্লেখ আছে এই চলচ্চিত্ৰ নীতিত। নতুনকৈ হল নিৰ্মাণৰ প্ৰসংগৰ লগতে এই নীতিত বন্ধ হৈ যোৱা হল সমূহ পুনৰ উজীৱিত কৰাৰ কথা উল্লেখ আছে।

ইয়াৰোপৰি চিনেমা নিৰ্মাণৰ বাবদ হোৱা মুঠ ব্যয়ৰ ২৫ শতাংশ ৰাজ সাহায্য চৰকাৰৰ পৰা ঘূৰাই পাব বুলি ৰাজেশ ভূঞাই জানিবলৈ দিয়ে। এক কোটি টকা চিনেমা নিৰ্মান কৰিলে লাভ কৰিব ২৫ লাখ টকাৰ ৰাজ সাহায্য।

সংবাদমেলত নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই কয় “অসমীয়া চলচ্চিত্ৰ জগতৰ ৪০ বছৰীয়া সপোন পূৰণ হোৱাৰ পথত। এই নীতিৰ জৰিয়তে চলচ্চিত্ৰ জগতত অধিক আগুৱাই নিব পাৰিম।”

অভিনেত্ৰী মৃদুলা বৰুৱাই উক্ত সংবাদমেলত কয় “এই নীতিৰ বাবে আমি ৪০ বছৰে বহুত যুদ্ধ কৰিছিলো। এতিয়া এক আশাৰ ৰেঙণি দেখা পাইছো। এই নীতিত প্ৰত্যেক ক্ষেত্ৰতে চৰকাৰে সহযোগ কৰিছে। জ্যোতি চিত্ৰবনৰ কাঠামো আৰু উন্নত হ’ব।