গুৱাহাটী

২৩ মে’

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ আমিনগাঁৱৰ ইনলেণ্ড কন্টেইনাৰ ডিপােত মুঠ ৮০ মেট্রিকটন মেডিকেল অক্সিজেন বহনকাৰী ৪ টা ডবা কঢ়িয়াই অনা ‘অক্সিজেন এক্সপ্ৰেছ’ ৰেলগাড়ীখনক আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখ্য যে ঝাৰখণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰা অক্সিজেন এক্সপ্ৰেছ দেওবাৰে পুৱা অসমত উপস্থিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ৰাজ্যখনলৈ অতিৰিক্ত মেডিকেল অক্সিজেন আৱণ্টন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

এই পদক্ষেপে ৰাজ্যখনত ক’ভিড ৰােগীসকলৰ চিকিৎসাৰ বাবে বর্ধিত অক্সিজেনৰ প্ৰয়ােজনীয়তা পূৰণ কৰাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ৰেলগাড়ীখন অসমলৈ প্রেৰণৰ পদক্ষেপ লােৱাৰ বাবে কেন্দ্রীয় ৰে’লমন্ত্রী পীযুষ গােৱেলকো ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে জনায় যে এতিয়াৰ পৰা অক্সিজেন এক্সপ্ৰেছ প্রতি সপ্তাহত দুবাৰকৈ অসমলৈ আহিব আৰু প্রতি সপ্তাহত ৰাজ্যখনে মুঠ ১৬০ মেট্রিকটন অক্সিজেন লাভ কৰিব।

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ নিজা প্রয়ােজনীয়তা পূৰণ কৰাৰ উপৰি অসমে উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম আৰু ত্ৰিপুৰালৈ অতিৰিক্ত অক্সিজেন যােগান ধৰিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত ৮০০ লিটাৰলৈকে মেডিকেল অক্সিজেন মজুতকৰণৰ ক্ষমতা আছে।

ৰাজ্যখনত চলি থকা ক’ভিড টীকাকৰণ অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে দৈনিক টীকাকৰণৰ সংখ্যা বর্তমানৰ ৫০ হাজাৰ লােকৰ পৰা ১ লাখলৈ বৃদ্ধি কৰাৰ প্রচেষ্টা চলাই আছে। কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱে, কন্টেইনাৰ কর্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড আদিৰ অন্যান্য বিষয়াসকলাে উপস্থিত থাকে।