জোনমণি বেগম

বিশ্বনাথ

২২ মে’

সমগ্ৰ দেশৰ লগতে অসমতো মাৰাত্মক ক’ভিডে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অসমৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ, আৰক্ষী-প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন দল-সংগঠন নামি পৰিছে ক’ভিডৰ বিৰুদ্ধে যুঁজত।

সকলোৱে পৃথকে পৃথকে ক’ভিডৰ লগত যুঁজিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে অভাৱগ্ৰস্ত লোক সকলকৰ সহায়ৰ বাবে আগুৱাই আহিছে। শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্বনাথ নগৰ সমিতিয়ে ক’ভিডৰ সংক্ৰমণ কিছু পৰিমানে ৰোধ কৰাৰ স্বাৰ্থত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয় চৌহদৰ ভিতৰত পুৱাই আৰম্ভ কৰে চেনিটাইজেছন।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্বনাথ নগৰ মণ্ডলৰ সমূহ বিষয়ববীয়াই মুখত মাক্স পিন্ধি সম্পূৰ্ন ক’ভিড বিধি মানি চিকিৎসালয় চৌহদখনত কৰা চেনিটাইজেছনৰ কাৰ্যসূচীয়ে সকলো লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্বনাথ নগৰ মণ্ডলৰ সমূহ বিষয়ববীয়াই বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা ৰক্ত ভাণ্ডাৰতো ৰক্ত দান কৰি ৰক্ত ভাণ্ডাৰটোৰ ৰক্তৰ অভাৱ পূৰণ কৰাৰ এক চেষ্টা চলাইছিল।

আনহাতে বিশ্বনাথৰ দক্ষিণ ভীৰগাঁৱতো একেই প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়৷ পানীভৰাঁল পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ যমুনা দাসৰ নেতৃত্বত গাওঁ সংগঠন, গাঁওৰক্ষী বাহিনী, নৱজ্যোতি যুৱ সংঘ তথা সমগ্ৰ দক্ষিণ ভীৰগাঁওবাসীৰ সহযোগত গাওঁখনৰ ২০০ লোকৰ ঘৰত চেনিটাইজেছন কৰি ভূয়সী প্ৰসংশা লাভ কৰাৰ লগতে সমগ্ৰ অসমবাসীক সতৰ্ক আৰু সজাগ হ’বৰ বাবে আহ্বান জনায়৷