গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিল : অগ্নি আৰু আপদকালীন সেৱাৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত হৈছে এক বিশেষ আলোচনা চক্ৰ। অগ্নি প্ৰতিৰোধ সপ্তাহ উপলক্ষে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।

দুৰ্যোগ ৰোধ আৰু আপদকালীন সময়ত যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ আলোচনা কৰা হয় এই অনুষ্ঠানত। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়, অট্টালিকাৰ কৰ্তৃপক্ষক আপদকালীন সময়ত লবলগীয়া সাৱধানতাসমূহৰ বিষয়ে জনোৱা হয় উক্ত অনুষ্ঠানত।

উক্ত অনুষ্ঠানত উপস্হিত থাকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত পাঠক, নেম কেয়াৰ হস্পিতালত অধ্যক্ষ ডঃ হিতেশ বৰুৱাৰ লগতে বহু কেইখন ৰাজ্যৰ অগ্নিনিৰ্বাপক আৰু আপদকালীন বাহিনীৰ আৰু গুৱাহাটী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়ববীয়া সকল। এই সজাগতা অনুষ্ঠানত অগ্নিনিৰ্বাপন কৰা বিভিন্ন সা-সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয় ।