ৰঙিয়া, ১৬ জুলাইঃ ৰঙিয়াৰ সুন্ধিয়াৰ পশু চিকিৎসালয়খন চৰকাৰৰ চূড়ান্ত অৱহেলাত অনৈতিক কাৰ্যৰ কেন্দ্ৰস্থলত পৰিণত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ২৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পশু চিকিৎসালয়। কিন্তু বিগত কেবাবছৰ ধৰি চিকিৎসালয়খন অনাদৃত হৈ পৰি আছে। এবছৰ পূৰ্বে ধুমুহাত চিকিৎসালয় গৃহটো বিদ্ধস্ত হৈছিল। পশু চিকিৎসা বিভাগৰ চৰম অৱহেলাত কাৰ্যালয়টো বৰ্তমান পৰ্যন্ত মেৰামতি নকৰাত জৰাজীৰ্ণ গৃহটো এতিয়া একাংশ অসামাজিক লোকৰ বাবে বিভিন্ন অনৈতিক কাৰ্য্যৰ স্থলীত পৰিণত হৈছে। এসময়ত চিকিৎসালয়খনৰ পৰা উপকৃত হৈছিল স্থানীয় ৰাইজ। কিন্তু কেইবছৰ মান পূৰ্বে চিকিৎসালয়খনৰ চিকিৎসক সকলক অন্য ঠাইলৈ স্থানান্তৰ কৰাত যমৰ-যাতনা ভূগিব লগীয়া হৈছে গঞা ৰাইজে। স্থানীয় লোকে চৰকাৰক পশু চিকিৎসালয়খন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ আহ্বান জনাইছে।