সোণতলী, ১৬ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণগাঁৱৰ এজন যুৱকে কিছমত কাঠমীৰ এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে গোপনে বিবাহ কৰে ৷ যুৱক জন পুৰাণ গাঁৱৰ আজগৰ আলীৰ পুত্ৰ  ছাইজুদ্দিন বুলি জানিব পৰা  গৈছে। ছাইজুদ্দিনে প্ৰায় ১৭ বছৰীয়া যুৱতীগৰাকীক গোপনে বিয়া পতাৰ সম্ভেদ পাই সোণতলী আৰক্ষীৰ সহযোগত বকো চাইল্ড লাইনে অতৰ্কিত অভিযান চলাই উদ্ধাৰ কৰে নাবালিকা গৰাকীক। চাইল্ড লাইনৰ মোখলেছুৰ ৰহমানৰ নেতৃত্বত চাৰি জনীয়া দলে সোণতলী আৰক্ষীৰ লগত প্ৰথম পৰ্যায়ৰ তদন্ত কৰাৰ লগতে কিশোৰী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাই অভিভাৱকক চমজাই দিয়ে ৷